তেজপুৰঃ ১৯৯২ চনৰ পৰা ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰি হয়৷ গোলকীয় মানসিক স্বাস্থ্য শিক্ষা, সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল। মঙলবাৰে তেজপুৰত পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস৷

তেজপুৰৰ বান থিয়েটাৰত লোকপ্ৰিয় গোপী নাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ  বিশেষ কাৰ্যসুচী অনুষ্ঠিত হয়। প্ৰতিষ্ঠানখনৰ সঞ্চালক চিচিৰ দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, সাংসদ ৰাম প্ৰসাদ শৰ্মা, অতিৰিক্ত উপাযুক্ত কে কে শৰ্মা  আৰু চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক, বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

‘কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য’ শীৰ্ষক বিষয়ত অনুষ্ঠিত আলোচনা চক্ৰত বক্তব্য আগবঢ়ায় অপৰাজিতা বৰুৱাই। বৰ্তমান সময়ত অসমৰ প্ৰায় ১২ লাখ লোক বিভিন্ন ধৰণৰ মানসিক সমস্যাত ভোগ কৰি আহিছে৷ ৬ শতাংশ লোক জটিল মানসিক ৰোগত আক্ৰান্ত৷ মানসিক ৰোগ যেনে উদ্বিগ্নতা, হতাশগ্ৰস্ততা আৰু নিচাসক্তিৰ দ্বাৰা আক্ৰান্ত বুলি আলোচনাত ওলাই পৰে৷