
ৰঙিয়াঃ অসম চুক্তি ৰূপায়ণৰ ৩২ বছৰ পাৰ হ’ল৷ ৬ বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত ৰূপায়ণ কৰা চুক্তিখন দেশৰ কোনো চৰকাৰে পালন কৰা দেখা নগ'ল৷
বিদেশী বহিস্কাৰৰ স্বাৰ্থত আন্দোলন কৰাৰ পাছতো আজিলৈ বিদেশী বহিস্কাৰ ন’হল৷ যাৰ বাবে আজিও একেটা সমস্যাৰ বাবে ৰাজ পথত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে অসমৰ জনসাধাৰণে৷
অসম চুক্তিৰ ৩২ বছৰ হোৱাত ৰঙিয়া আছুৱে অগ্নি শিখা প্ৰজ্বলন কৰি আকৌ এবাৰ বিদেশী সমস্যা সমধা কৰাৰ দাবী জনালে৷ আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই অসম চুক্তি ৰূপায়ণ কৰা, অসমৰ জলন্ত বিদেশী সমস্যা সমধান কৰাৰ দাবীত অগ্নি শিখা প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ণ কৰে।
ৰঙিয়া শ্বহীদ কৃষক ভৱনৰ সন্মুখত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে মুক্তি যোদ্ধা কৃষ্ণ লহকৰে। ৩২ গচি জুইৰ শিখা জ্বলােৱা কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়াৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক, বিশিষ্ট ব্যক্তি, প্ৰাক্তন ছাত্ৰ নেতা তথা সাংবাদিক। ইফালে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই বৈদ্যগড়তো একে কাৰ্যসূচী ৰূপায়ণ কৰে।