স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ আৰু জনজাতিত অন্তৰ্ভুক্ত কৰাৰ দাবীত অৰুণাচল প্ৰদেশৰ অসম সংযোগী চাৰিখনকৈ গেট বন্ধ

কাকপথাৰঃ অসমৰ সীমামুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ, মটক, আহোম, কছাৰী, দেউৰী, আদিবাসী, মিচিং জনগোষ্ঠীকেইটাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৰুণাচল প্ৰদেশৰ চাৰিটাকৈ সংগঠন ক্ৰমে UIPFL, UPMOL, ALAYA, COBs ৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক য়ুৱ ছাত্ৰ-সন্মিলন, সদৌ টাই আহোম যুৱ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, আদিবাসী সূৰক্ষা সমিতিৰ সহযোগত আজি পূৱা ৬ বজাৰ পৰা ৪৮ ঘন্টাৰ বাবে অৰুণাচল প্ৰদেশৰ অসম সংযোগী চাৰিখনকৈ গেট বন্ধ ঘোষণা কৰিছে ৷
প্ৰতিবাদকাৰী সকলে স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ আৰু জনজাতিত অন্তভুক্তৰ দাবীত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী চাৰিখনকৈ গেট বন্ধ কৰি No PRC No Rest, PRC Our Birth Right আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ডিৰাক গেট, সোনপোৰা গেট, শান্তিপুৰ গেট আৰু বৰডুমচা গেট আজি পুৱাৰে পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ হৈ পৰিছে ৷
২০১৯ চনত হব লগীয়া অৰুণাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ আগতে যদি এই সমস্যা কেইটা সমাধান নকৰে তেন্তে উক্ত জনগোষ্ঠীকেইটাৰ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰো প্ৰদান কৰিছে ৷ যদি অৰুণাচল প্ৰদেশ চৰকাৰে দাবী সমুহ মানি লবলৈ সক্ষম নহয় তেন্তে উক্ত জনগোষ্ঠী কেইটাক অসমৰ লগত চামিল কৰাই দিবলৈ দাবী উত্থাপন কৰিছে ৷
নামচাই জিলাৰ লেকাং সমষ্টিটোত উক্ত জনগোষ্ঠীকেইটাৰ অধিকাংশ লোক বাস কৰা বিধান সভা সমষ্টিটোৰ বিধায়ক হল অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন ৷ বিগত ২৫ বছৰে উক্ত সমষ্টিটোৰ পৰা চৌনা মেইনে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছতো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত কোনো উদ্যোগ গ্ৰহণ কৰা দেখা নগ’ল বুলি ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদ কাৰীয়ে৷ এইবাৰকে ধৰি তিনিবাৰ প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰা হৈছে বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিছে। এই বিষয়ত অৰুণাচল চৰকাৰে কোনো সমস্যা সমাধান নকৰিলে অসম অৰুণাচল সংযোগী ডিৰাক গেট, সোনপোৰা গেট, শান্তিপুৰ গেট আৰু বৰডুমচা গেট অনিদিষ্টকাললৈ বন্ধ কাৰ্যসুচী হাতত লব বুলি উদ্যোগক্তাসকলে জানিবলৈ দিছে ।
কাকপথাৰৰ পৰা তোলন গোহাঁই