
ত্ৰিপুৰাঃ বাংলাদেশৰ দৃৰ্বৃত্তই অসমত প্ৰবেশ কৰি তাণ্ডৱ চলোৱাটো নতুন কথা নহয়৷ বাংলাদেশৰ দুৰ্বত্তই অসমত প্ৰবেশ ডাকাইতি, চুৰি কাণ্ড সংঘটিত হৈছে৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰমোদনগৰ চাহ বাগিচাত শনিবাৰে নিশা অস্ত্ৰ-শস্ত্ৰৰ সৈতে সু-সজ্জিত বাংলাদেশৰ দুৰ্বৃত্তৰ দলে এটি পৰিয়ালক আক্ৰমণ কৰে৷
প্ৰমোদনগৰৰ স্বপন নায়কৰ বাসগৃহত প্ৰবেশ কৰি স্বপন নায়ক আৰু পুত্ৰ শংকৰ নায়কক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় স্বপন নায়ক আৰু তেওঁৰ পুত্ৰ শংকৰ নায়ক। সীমান্তৰ গাঁৱত বাংলাদেশৰ পৰা অহা দুৰ্বৃত্তৰ প্ৰৱেশৰ ঘটনাত সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰৱল ভাবুকি আহি পৰা বুলি ৰাইজে অভিোগ উত্থাপন কৰে।
আন্তৰ্জাতিক সীমান্ত পাৰ হৈ সাতজনীয়া সন্দেহজনক দুৰ্বৃত্তৰ দল এটাই প্ৰমোদনগৰৰ স্বপন নায়কৰ বাসগৃহত প্ৰবেশ কৰি পিতা আৰু পুত্ৰক চোকা অস্ত্ৰৰে আঘাত কৰে।
সীমান্তত সীমান্ত সুৰক্ষা বাহিনী নিয়োজিত হৈ থকাৰ পিছত কিদৰে বাংলাদেশৰ পৰা দুৰ্বৃত্তৰ দলে অসমৰ মাটিত প্ৰৱেশ কৰি অসমৰ লোকক প্ৰহাৰ কৰি সুকলমে সীমান্তৰে পাৰ হয় তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। ইতিমধ্যে আৰক্ষী আৰু সমষ্টিৰ বিধায়ক কমলাকক্ষ দে পুৰকায়স্থ গৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আহত পিতা-পুত্ৰক নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।