পাহৰণিৰ গৰ্ভত ভয়াৱহ ৩০/১০ ধাৰাবাহিক বিস্ফোৰণ
কোকৰাঝাৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

কোকৰাঝাৰঃ ৰাজ্য কপাই যোৱা ২০০৮ চনৰ ৩০ অক্টোৱৰৰ ধাৰাবাহিক বিস্ফোৰণৰ দিনটো আহিলেই আজিও উচুপি উঠে কোকৰাঝাৰৱাসী৷ ধাৰাবাহিক বোমা বিস্ফোৰণত বহুসংখ্যক নিৰীহ লোকৰ প্ৰাণ হানি হোৱাৰ উপৰি অগণন লোকে চিৰদিনৰ বাবে ঘুণীয়া হৈ পংগুত্বৰ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ৷ ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণে আজি দহটা বছৰ অতিক্ৰম কৰিলে আৰু ৰাজ্য জুৰি সন্ত্ৰাস বিৰোধী দিন হিচাপে পালন কৰি ৰাজ্যবাসীয়ে বন্তি প্ৰজ্জ্বলনেৰে নিহতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে যদিও আজিও যেন মৃতকৰ আত্মাই নীৰৱে উচুপে ৷ গুৱাহাটিৰ গণেশগুৰি, পানবজাৰ, কাছাৰী, বৰপেটাৰোডৰ উপৰি বিটিচিৰ সদৰ ভূমি কোকৰাঝাৰ সদৰ চহৰৰ তিনিটাকৈ স্থানত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰি সন্ত্ৰাসৱাদীয়ে বহু লোকৰ প্ৰাণহানি কৰিছিল আৰু শতাধিক লোক গুৰুতৰ ভাৱে আহত হৈছিল ৷
কোকৰাঝাৰ ভয়াবহ বিস্ফোৰণৰ দিনটো মনত পৰিলে আজিও প্ৰতিজন লোক আতংকিত হৈ পৰে যদিও কাৰ্যত কিন্তু ক্ৰমে পাহৰণিৰ গৰ্ভত ৩০ অক্টোবৰৰ ভয়াৱহ ছবি ৷ সেয়েহে হয়তো কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াত সংঘটিত হোৱা ৩০ অক্টোবৰৰ ঘটনাৰ স্থানসমুহত আজিও ন্যায় বিচাৰি নীৰৱে উচুপি উঠে অতৃপ্ত আত্মাই । অৱশ্যে এনে এক পৰিস্থিতিৰ মাজত এন ডি এফ বিৰ ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা শ্বহীদ সকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে বি টি চিৰ কাৰ্যবাহী সদস্য দনেস্বৰ গয়াৰীয়ে। কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষ বিষ্ণু বসুমতাৰীৰ নেতৃত্বত উদযাপন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি দনেস্বৰ গয়াৰীয়ে শ্বহীদ সকলৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ৰাজ্যত এনে জঘন্য ঘটনা পুনৰাবৃত্তি নোহোৱাৰ কামনা কৰে। ইয়াৰোপৰি অদ্যপি জংগলত থকা এনডিএফবি(ছং) মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাইছে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ।
ধনঞ্জয় নাথ,কোকৰাঝাৰ