নলবাৰীঃ মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা শনিবাৰে সামৰণি পৰে৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত নাট প্ৰতিযোগিতাৰ বটাঁ বিতৰণ শনিবাৰে নিশাই কৰা হয়৷

প্ৰতিযোগিতাত নলবাৰী সমন্বয় নাট্যদলে প্ৰথম শ্ৰেষ্ঠ, নগাঁৱৰ জৌতি শিল্পই দ্বিতীয়, নগাঁৱৰ প্ৰচেনিয়াম তৃতীয়, নলবাৰী পাহিক্ৰিয়েচন চতুৰ্থ, নলবাৰীৰ অনাথ বিকাশ কেন্দ্ৰই পঞ্চম স্থান লাভ কৰে৷

নলবাৰীৰ কিশোৰ তহচিলদাৰে শ্ৰেষ্ঠ নাট্যকাৰ, নলবাৰীৰ শতদল বৈশ্য শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা বিজয় শংকৰ শইকীয়া, শ্ৰেষ্ঠ অভিনেত্ৰী বৰ্ণালী বাচ্যস, শ্ৰেষ্ঠ কৌতুক অভিনেতা ৰঞ্জন তালুকদাৰ, শ্ৰেষ্ঠ কলা নিৰ্দেশক- বুবুল কলিতা, শ্ৰেষ্ঠ পোহৰ নিৰ্দেশক হৰেকৃষ্ণ শৰ্মা, শ্ৰেষ্ঠ সংগীত পৰিচালক মুক্তি মুহুত হাজৰিকা, শ্ৰেষ্ঠ শিশু শিল্পী নিশ্চিতা মহন্ত, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা বিজু  আহমেদ, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰয়াকী বৰা, শ্ৰেষ্ঠ সহ অভিনেতা শ্যামল চমুৱা, শ্ৰেষ্ঠ সহ অভিনেত্ৰী জৌতিৰূপা শৰ্মা, শ্ৰেষ্ঠ ৰূপসজ্জা বৃন্দাবন মঙলদৈ, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল প্ৰজন্ম দক্ষিণ পকোৱা আৰু বিচাৰকৰ বিশেষ বটাঁ অমৰজৌতি কাকতি আৰু কৃষ্ণাক্ষি তালুকদাৰে লাভ কৰে।

নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ৰুবুল বৰ্মন, কাৰ্যকৰী সভাপতি ভবজিৎ বেজবৰুৱা, সাধাৰণ সম্পাদক নিলকমল বৰ্মন, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাই আতঁ ধৰা অনুষ্ঠানৰ৷