
newsnextone.com | ৰঙিয়াঃ অসম চৰকাৰৰ ‘মাই গভ, আসাম’ৰ আঁচনিৰ উদ্যোগত শনিবাৰে ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ প্ৰাংগনত বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত বন সজাগতামূলক সভাত মন্ত্ৰী ভৱেশ কলিতা, বন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনিয়াৰ, বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ৱাই সূৰ্যনাৰায়ন, উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী চন্দন বৰা উপস্থিত থাকে৷
বিশিষ্ট লেখক তথা সমাজকৰ্মী ডিম্বেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনিয়াৰে সকলোকে প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলিবলৈ পৰামৰ্শ দিয়ে৷এবাৰ ব্যবহাৰ কৰি পেলাই দিয়া প্লাষ্টিক পিচত জলস্থল, বায়ুস্থল আৰু স্থলত জীৱকুলৰ প্ৰতি ভাবুকি মাতি আনে বুলি কয়। গছপুলি ৰোপন কৰিলে নহ’ব, সঁচা অৰ্থত গছপুলি ৰোপনৰ অভ্যাস গঢ়ি তুলিব লাগিব৷ একেলগে পাঁচ লাখ গছপুলি ৰোপন কৰি বাতৰিৰ শিৰোনাম দখলৰ প্ৰৱণতা পৰিহাৰ কৰিবলৈও আহ্বান জনাই খাটনিয়াৰে৷
একেলগে পাঁচ লাখ গছপুলি ৰোপন কৰি অভিলেখ গঢ়াসকলে পৰৱৰ্তী সময়ত সচেতন ব্যক্তিৰ পৰিচয় দি খবৰ ৰাখিছেনে গছ পুলিসমুহ কি পৰ্যায়ত আছে৷ যদি এনেদৰে সচেতনতাৰ অভাব হয় তাতকৈ প্ৰত্যেকে নিজৰ জন্মদিনত একোটাকৈ গছপুলি ৰোপন কৰাৰ লগতে যতন লবৰ বাবে আহ্বান জনায় খাটনিয়াৰে৷ প্লাষ্টিক প্ৰদূষণে ৰাজ্যখনৰ কৃষিভূমি নিঃশেষ কৰি পেলাইছে বুলি মন্তব্য আগবঢ়ায় খাটনিয়াৰে৷ প্লাষ্টিক অথবা পলিথিন আমি ব্যৱহাৰ কৰি পেলাই দিয়াৰ ফলত কৃষি ভূমি সমূহ খেতিৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ বাবে প্লাষ্টিক ব্যৱহাৰ আমি নিজেই পৰিহাৰ কৰিব লাগিব৷
ইয়াৰ ভয়াবহতাৰ বিষয়ে আমি অনুধাৱন কৰিব লাগিব৷ তেন্তে আনকো সজাগ কৰিব পাৰিম৷ অসমৰ নদ, নদীসমূহৰ দুয়োপাৰত গছপুলি ৰোপনৰ বাবে পৰ্যাপ্ত ঠাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে গছপুলি ৰোপনৰ বাবে ঠাইৰ অভাৱৰ কথা সততে কোৱা হয়৷ কিন্তু ৰাজ্যখনৰ নৈ সমূহৰ উন্মুক্ত দুয়োপাৰত আমি গছপুলি ৰোপন কৰিব পাৰিলে অসমৰ পৰিৱেশেই সলনি হৈ যাব বুলি কয়৷
আনহাতে ব্ৰেণ্ড এম্বেছাদৰগৰাকীয়ে বজালি মহকুমাৰ এখন গাঁৱৰ কথা উল্লেখ কৰি কয় যে মহকুমাটোত এখন গাঁও বাচি লোৱা হৈছে। গাঁওখন প্লাষ্টিক মুক্ত কৰাৰ বাবে এক প্ৰয়াস কৰা হৈছে। ইতিমধ্যে গাঁওখনৰ ৰাইজে অহা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি সেই দিনটোৰ পৰা প্লাষ্টিক বৰ্জন কৰাৰ সিদ্ধান্ত কৰিছে। আনহাতে গাঁওখনৰ ৰাইজে মাটিৰ সাজ ব্যৱহাৰ কৰিব বুলিও বন বিষয়াগৰাকীয়ে উল্লেখ কৰে।
অনুষ্ঠানটোত ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ ৰাজ্যৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ৱাই সূৰ্যনাৰায়নৰ লগতে উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া চন্দন বড়াই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বন সংৰক্ষণ সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভ মত বিনিময় কৰে৷ বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বন সংৰক্ষকগৰাকীক পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ বিচাৰে৷ অনুষ্ঠানটোত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমলি বৰুৱা, সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক দীনবন্ধু কলিতা, সুবল পাল উপস্থিত থাকে। ৰঙিয়াৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে৷