
ডিজিটেল ডেস্কঃ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিলে৷ দক্ষিণ এছিয়াৰ ভিতৰত এতিয়া ভাৰতে উচ্চ দামত পেট্ৰল আৰু ডিজেল বিক্ৰী কৰে৷ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷
পকেটৰ ধন ৰাহি কৰিবলৈ এতিয়া উপায় নোহোৱা হৈছে দেশৰ মধ্যবিত্ত, দৰিদ্ৰ, শ্ৰমিকৰ৷ খাদ্য-সামগ্ৰী, পেট্ৰলকে ধৰি সকলো সামগ্ৰীৰ এতিয়া আকাশলংক্ষী মূল্য বৃদ্ধি হৈছে৷ এইবাৰ পেট্ৰল-ডিজেলৰ মূল্য বদ্ধি কৰাত সকলো ৰেকৰ্ড ভংগ কৰিলে চৰকাৰে৷ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল ৭৩.৭৩ টকা আৰু ডিজেলৰ মূল্য ৬৬.৫৮ টকা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে মিলাই পেট্ৰল-ডিজেলৰ মুল্য নিৰ্ধাৰণ কৰিবলৈ ২০১৭ চনৰ জুন মাহৰ পৰা নিতৌ পেট্ৰল-ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰি আহিছে ভাৰত চৰকাৰে৷ দেওবাৰে একেবাৰে ১৮ পইচা বৃদ্ধি হোৱাৰ লগে লগে ৭৩.৭৩ টকা হৈ পৰিছে পেট্ৰলৰ মূল্য৷ ৭৩.৭৩ টকা হৈ পেট্ৰলৰ মূল্য হোৱাৰ লগে লগে মোডী চৰকাৰৰ ৪ বছৰীয়া কাৰ্যকালৰ সকলোতকৈ বেছি মূল্য হৈ পৰিল পেট্ৰলৰ৷
ডিজেলৰ মূল্য আছিল ৬৪.২২ টকা কিন্তু সকলো ৰেকৰ্ড ভংগ কৰি ৬৪.৫৮ টকা হয়৷ ভাৰতত ডিজেল এই মুল্যত কেতিয়াও বিক্ৰী হোৱা নাছিল৷ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা কৈ নিতৌ মোডী চৰকাৰে অলপ অলপ কৈ মূল্য বৃদ্ধি কৰি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ সকলো ৰেকৰ্ড ভংগ কৰিলে বিজেপি চৰকাৰে৷ দাম কমাবলৈ বিভাগে এক্সাইজ ডিউটিত কিছু ৰেহাই দিছিল যদিও বাজেটত এই কথা প্ৰত্যাহাৰ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে৷