ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ভাৰত চৰকাৰে ইৰাকত ISIS-এ হত্যা কৰা ৩৯ গৰাকী ভাৰতীয়ৰ ভিতৰত ৩৮ গৰাকী ভাৰতীয়ৰ মৃতদেহ ইতিমধ্যে দেশলৈ উভতাই আনিবলৈ সক্ষম হৈছে৷

সোমবাৰে ৩৯গৰাকী ভাৰতীয়ৰ ভিতৰত ৩৮গৰাকীৰ মৃতদেহ পাঞ্জাৱৰ অমৃতসৰ বিমানবন্দৰলৈ লৈ আহে বিদেশ ৰাজ্য মন্ত্ৰী বিকে সিঙে৷ বিদেশ ৰাজ্য মন্ত্ৰী বিকে সিঙে খোদ পাঞ্জাৱত উপস্থিত হৈ মৃতদেহ সমূহ পৰিয়ালক চমজাই দিয়ে৷ মৃতদেহৰ কঢ়িয়াই অনা বিমানৰ সৈতেই বি কে সিঙে বিমান বন্দৰত উপস্থিত থাকে৷ যোৱা এক এপ্ৰিলত বিকে সিঙে বিশেষ বিমানেৰে মৃতদেহ সমূহ আনিবলৈ ইৰাকলৈ গৈছিল৷ বিশেষ বিমান খনেৰে তেও সোমবাৰে মৃতদেহ সমূহ লৈ দেশলৈ উভতি আহে৷

জানিব পৰা মতে, মৃতদেহ আহি পোৱাৰ পিছত আৰু বিদেশ ৰাজ্যমন্ত্ৰী বিকে সিঙ অমৃতসৰ পোৱাৰ পূৰ্বেই ৩৯ ভাৰতীয়ৰ পৰিয়ালে ধৰ্ণা প্ৰদৰ্শন কৰে৷ মৃতকৰ পৰিয়ালৰ ডিএনএ পৰীক্ষা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালসমূহে৷

আনহাতে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে মৃতদেহ সমূহ বিদেশ ৰাজ্য মন্ত্ৰী বিকে সিঙে ইৰাকলৈ আনিবলৈ গৈ প্ৰথমে অমৃতসৰ তাৰ পাছত পাটনা আৰু কলকতাত পৰিয়ালৰ লোকক গতাই দিব বুলি কয়৷ উল্লেখ্য যে, ৩৯ গৰাকী ভাৰতীয়ই ইৰাকত কাম বিচাৰি গৈছিল৷ ২০১৪ চনত ইছলামীক সন্ত্ৰাসবাদী সংগঠন ISIS-এ অপহৰণ কৰিছিল৷ তাৰ পিছত তেওঁলোকক হত্যা কৰা হৈছিল৷ এটি গণকবৰত তেওঁলোকৰ মৃতদেহ সমূহ উদ্ধাৰ হৈছিল৷ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে নিৰুদ্দেশ ভাৰতীয় মৃত্যু হোৱাৰ কথা স্পষ্ট কৰোতে ৪ বছৰ সময় লাগিছিল৷

ইয়াৰে ৩ গৰাকী হিমাচল প্ৰদেশৰ, ২গৰাকী লোক বিহাৰৰ আৰু আন কেইগৰাকী লোক পাঞ্জাৱৰ৷ ৩৯ গৰাকী লোকৰ ভিতৰত ৩৮গৰাকী লোকৰ ডিএনএ পৰীক্ষাৰ ৰিপৰ্টৰ সৈতে মিল আছিল যদিও এজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই৷

আনহাতে পাঞ্জাৱ চৰকাৰে মৃতকৰ পৰিয়াল সমূহক ৫ লাখ টকাকৈ এককালীন সাহায্য, পৰিয়ালৰ একোজনকৈ লোকক চাকৰি, এগৰাকী লোকক ২০ হাজাৰ টকাকৈ পেন্সন দিয়াৰ কথা ঘোষণা কৰে পাঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৱে৷ ৩৯গৰাকী লোকৰ ভিতৰত ২৭গৰাকী পাঞ্জাৱৰ

আনহাতে বিদেশ ৰাজ্যমন্ত্ৰী বিকে সিঙে পৰিয়ালসমূহক সাহায্য দিয়া হ’ব নে বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰ দি কয় ‘‘এয়া কোনাে বিস্কুট বনোৱা কাম নহয়৷ এয়া মানুহৰ জীৱনক লৈ প্ৰশ্ন৷ আপোনালোকে বুজি পালে৷ মই এতিয়া ঘোষণা কৰ পৰা কৰো৷ মই কোনো বাকচ লগত লৈ ফুৰা নাই৷’’