19
Jun
2017

Image for representation
কোকৰাঝাৰঃ বিটিএডিৰ কোকৰাঝাৰ জিলাত বিগত ২০১২ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ছোৱাত নিয়োজিত ৫০০জন গৃহৰক্ষী বাহিনীৰ জোৱানক তিনি মাহৰ দৈনিক ভাট্টা মোকলাই নিদিয়াত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই৷
আজি এক প্ৰেছ বিবৃতিযোগে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জিতেন চন্দ্ৰ বৰ্মন আৰু সম্পাদক বৰহান কাৰ্জীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰি অচিৰেই চলিত বৰ্ষৰ যোৱা এপ্ৰিল, মে' আৰু জুন মাহৰ দৈনিক ভাট্টা মোকলাই দিয়াৰ দাবী জনাইছে৷
গৃহৰক্ষী বাহিনীৰ জোৱানসকলক বাৰে বাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ কৰি সন্থাৰ সভাপতি আৰু সম্পাদকে ঈদৰ পূৰ্বেই তিনিমাহৰ দৈনিক ভাট্টা মোকলাই দিয়াৰ দাবী উত্থাপন কৰিছে৷
অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে সন্থাৰ সভাপতি আৰু সম্পাদক জিতেন চন্দ্ৰ বৰ্মন আৰু বৰহান কাৰ্জীয়ে।