
ৰঙিয়াঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো নগাঁও কাগজ কল, কাছাৰ কল আৰু এপ'লমিল পুনৰ কাৰ্ক্ষ্ষম কৰা নাই চৰকাৰে৷ শ্ৰমিক-কৰ্মচাৰীয়ে ১৮ মাহে দৰমহা পোৱা নাই৷ ১৮ মাহে দৰমহা নোপোৱা চৰকাৰী শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ শ্ৰমিক-কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি কাগজ কল সমূহ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে ল'ৰা ধেমালি কৰি আহিছে।
আজিও ক্ষোভিত শ্ৰমিক-কৰ্মচাৰীয়ে কল সমূহ কাৰ্যক্ষম কৰি শীঘ্ৰে অনাদায় ১৮ মাহৰ দৰমহা আদায়ৰ দিয়াৰ দাবী জনাই আহিছে শ্ৰমিক-কৰ্মচাৰীয়ে। কল সমূহৰ কেইবাগৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যুক আকোৱালি লৈছে৷ তেওঁলোকৰ সন্তানে আধাতে শিক্ষা সাং কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওঁলোকৰ পৰিয়াল সমূহে৷ যাৰ বেদনা কোনেও শুনিব নিবিচাৰে বুজিব নোখোজে৷
ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া, নলবাৰী জিলাৰ লগতে উজনি-নামনিৰ আটাইকেইখন জিলাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ আন আন ঠাইৰ লগতে কামৰূপৰ ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰঙিয়া জিলা যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জ্যোৰ্তিময় কলিতাই সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, সম্প্ৰতি অসমৰ বহু ৰাজহুৱা খণ্ডৰ উদ্যোগ চৰকাৰী অৱহেলাৰ বাবে বন্ধ হৈ পৰাত হেজাৰ হেজাৰ শ্ৰমিক-কেৰ্মচাৰীয়ে হাহাকাৰ কৰিব লগা হৈছে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই বিষয়টোক গভীৰ ভাবে লোৱা বুলি উল্লেখ কৰি কলিতাই আৰু কয় যে, ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ পুনৰ কাৰ্য্যক্ষম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে যদিও এই কাৰ্যত পৰিণঁত হোৱা দেখা নাযায়৷
যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলি কয় শ্ৰমিকসকলৰ৷ এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যোগসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়া বুলি কৈ পুনৰুজ্জীৱিত কৰা বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন বুলি উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে। বিশেষকৈ লাভজনক উদ্যোগত হিচাপে পৰিচিত কাছাৰ কাগজ কল, নগাঁও কাগজ কল আৰু এপ'লমিল পুনৰ উজ্জীৱিত কৰাৰ বাবে চৰকাৰে কোনো দৃঢ় পদক্ষেপ নোলোৱাটো এক পৰিতাপৰ বিষয় বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।
আনহাতে অসম চুক্তিত সন্নিৱিষ্ট অশোক কাগজ কলৰ ক্ষেত্ৰত আজি পৰ্যন্ত চৰকাৰৰ কোনো সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে।প্ৰায় এঘন্টা সময় প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনৰ জৰিয়তে উদ্যোগকেইটা পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাই। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জ্যোৰ্তিময় কলিতা, ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমান আৰু সম্পাদক কৰেন্দ্ৰ কলিতা উপস্থিত থাকে।