
ডিজিটেল ৰিপ'ৰ্টঃ ধূমপানত বাধা আৰোপ কৰাৰ বাবেই অসমৰ এগৰাকী অধিবক্তাই এজন যুৱকক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীত৷ অধিবক্তাগৰাকীয়ে নিজৰ গাড়ীৰে খুন্দিয়াই হত্যা কৰে এগৰাকী শিখ যুৱকক৷
জানিব পৰা মতে, দিল্লীৰ জনবহুল এলেকাত ধূমপান কৰি আছিল অসমৰ অধিবক্তা ৰোহিত কৃষ্ণ মহন্তই৷ ৰাজহুৱা স্থানত এনেদৰে ধূমপান কৰি থকা কাৰ্যত বাধা প্ৰদান কৰে দুজনকৈ শিখ যুৱকে৷
ইয়াৰ পিছতে অধিবক্তা আৰু শিখ যুৱক দুজনৰ মাজত তৰ্কাতৰ্কি লাগে৷ তৰ্কাতৰ্কি হতাহতি পৰ্যন্ত হয়৷ খঙত অগ্নিশৰ্মা হৈ শিখ যুৱক দুজনক গাড়ীৰে খুন্দিয়াই বগৰাই দিয়ে অধিবক্তা মহন্তই৷ গুৰুতৰভাবে আহত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও গুৰপ্ৰীত সিং নামৰ যুৱকজনৰ চিকিৎসালয়ত মৃত্যু হয়৷
এইমছত ভৰ্তি কৰা যুৱকজনে শৰীৰৰ কেবাঠাইত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আকোৱালি লয় ৷ আনজন যুৱক চিকিৎসাধীন যদিও তেওঁৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ অসমৰ অধিবক্তাৰ এনে পাশৱিক কাণ্ডই একপ্ৰকাৰ জোকাৰি গৈছে দিল্লী৷
দিল্লীৰ অসমীয়াক লজ্জানত কৰা এই ঘটনাক বহু লোকে গৰিহণা দি অধিবক্তাগৰাকীক শাস্তি দিয়াৰ দাবী জনাইছে৷ বৰ্তমান অধিবক্তাগৰাকীক আৰক্ষীয়ে আটক কৰা বুলি বাতৰি পোৱা গৈছে৷