
নগাঁওঃ অসম চুক্তিৰ ৩২ বছৰ পাৰ হ’ল৷ ৬ বছৰীয়া অসম আন্দোলনৰ ফলত অৰ্ধসামৰিক বাহিনীৰ গুলীত প্ৰান দিছিল ৮৫৫ গৰাকী লোকে৷ মুলত বিদেশীক অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবীত আন্দোলন কৰা হৈছিল৷ জাতিক ৰক্ষাৰ বাবে ওলাই আহি বহু পাহুৱাল ডেকাই বন্দুকৰ গুলী বুকুত পাতি লৈ চিৰ দিনৰ বাবে ঢলি পৰিছিল আই অসমৰ বুকুত৷
বহু যুৱক লাঠি, বন্দুকৰ কোবত চিৰ দিনৰ বাবে পংগু হ’ল৷ বহু মাতৃৰ বুকু শুদা হ’ল৷ বহু বোৱাৰীৰ কপালৰ ফোট চিৰদিনৰ বাবে মচা গ’ল৷ তাৰ পাছত দিল্লীলৈ গৈ অসমীয়া ডেকাই চুক্তিত স্বাক্ষৰ কৰিলে অসমৰ হিতৰ স্বাৰ্থত৷ চুক্তি কৰা সকলে ৰাজনৈতিক দলৰ জন্ম দি ৰাজ্য শাসনো কৰিলে৷ কিন্তু আজিও বিদেশী বহিস্কাৰ নহ’ল৷
ভাৰত-বাংলাদেশ সীমান্ত ছিল্ড ন’হল৷ অসমীয়াৰ বিড়ম্বনা ইমানতে শেষ হোৱা নাই৷ আজিও অসমীয়াই ৰাজপথত বিদেশী বহিস্কাৰৰ নামত প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ চুক্তি আজিও চুক্তি হৈয়ে থাকিল৷ চুক্তি মৰ্মে অসমে পালে কি? কেৱল বঞ্চনা৷
ঐতিহাসিক অসম আন্দোলনৰ কথা কোনে পাহৰিব৷ কোনে মনৰ পৰা মচিব পাৰিব মাতৃভূমিক অকৃত্ৰিমভাৱে ভালপোৱা যুৱকসকলৰ আত্মত্যাগৰ কথা৷ এই অসম আন্দোলনতে স্বতঃস্ফূৰ্তভাৱে জপিয়াই পৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ শত-সহস্ৰ তেজাল যুৱক৷ ৮৫৫ জনে দেশৰ হকে অকালতে মৃত্যুক আকোঁৱালি ল’লে আৰু আন বহুজন আকৌ নিখোজ হৈ থাকিল৷
এইদৰে মৃত্যুবৰণ কৰা সকলক স-সন্মানেৰে ছহিদ ঘোষণা কৰা হ’ল যদিও ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা সকলৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত কোনেও একো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷ যাৰ পৰিণতিত এইসকল যুৱকৰ আত্মত্যাগ আৰু দেশপ্ৰেম সম্প্ৰতি পাহৰণিৰ গৰ্ভত ক্ৰমান্বয়ে বিলীন হৈ যাবলৈ ধৰিছে ৷
স্মৰ্তব্য যে, ১৯৭৯ চনৰ ৯ জুনৰ পৰা ১২ ঘন্টীয়া অসম বন্ধৰে শুভাৰম্ভ ঘটা সদৌ অসম ছাত্ৰ সন্থাৰ ঐতিহাসিক অসম আন্দোলনৰ ত্যাগৰ চিতাৰ জুইত ৮৫৫ জন যুৱকে আত্মবলিদান দিলে আৰু বহুসংখ্যক যুৱক আকৌ সন্ধানহীন হৈ পৰিল৷ তেওঁলোকৰ আত্মত্যাগৰ ফলত ১৯৮৫ চনৰ ১৪ আগষ্টৰ নিশা আন্দোলনকাৰী ছাত্ৰ সংগঠন আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ মাজত দিল্লীত অনুষ্ঠিত হোৱা এক আলোচনাত এখন চুক্তি স্বাক্ষৰিত হয় আৰু ইয়াৰ দ্বাৰাই ঐতিহাসিক উক্ত আন্দোলনৰো পৰিসমাপ্তি ঘটে৷
পৰৱৰ্তী সময়ত আন্দোলনৰ গুৰি ব’ঠা ধৰা শীৰ্ষ পৰ্যায়ৰ নেতৃত্বই প্ৰত্যক্ষভাৱে ৰাজনীতিত নামি পৰি ছাত্ৰ সন্থা পৰিত্যাগ কৰি শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু সুদীৰ্ঘ কাল ধৰি চলা সেই অসম আন্দোলনৰ ৰক্তাক্ত দিনবোৰত নিখোজ হোৱা অৰ্দ্ধশতাধিক সাহসী দেশপ্ৰেমী সংগ্ৰামী যুৱকৰ আজিৰ তাৰিখতো কোনো সন্ধান নোলাল৷
আনকি এই যুৱকসকলৰ পৰিয়ালবৰ্গৰ অজস্ৰ অনুনয় বিনয়ৰ পিছতো যুৱকসকলৰ সন্ধানৰ কাৰণে কোনেও অলপো কাণসাৰেই নকৰিলে৷ যাৰ পৰিপ্ৰেক্ষিতত সেইসকলৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই ছহিদৰ স্বীকৃতি নাইবা চুক্তি অনুযায়ী পাবলগীয়া ন্যূনতম সা-সুবিধাৰ পৰাও বিগত কুৰি বছৰৰো অধিক কাল লক্ষণীয়ভাৱে বঞ্চিত হৈ আছে৷
অসম আন্দোলনৰ সময়ত আশ্বৰ্যজনকভাৱে সন্ধানহীন হোৱাসকলৰ ভিতৰত নগাঁও জিলাৰ অন্তৰ্গত ৰহাৰ গছপৰাৰ পুতুল নাথ, ধিঙৰ ডুমডুমীয়াৰ বাবুল বৰুৱা, গোলাঘাট জিলাৰ অন্তৰ্গত কমাৰগাঁৱৰ মুকুট চেতিয়া, পুতু কোঁৱৰ, নলবাৰী জিলাৰ অন্তৰ্গত নমাটি অঞ্চলৰ মহেন্দ্ৰ তালুকদাৰ, হীৰেণ ৰাজবংশী, মঙলু কৈৱৰ্ত, বগাহাতীৰ ধৰ্মকান্ত হালৈ, হেঙেৰাবাৰীৰ নৰেণ শৰ্মা, লখিমপুৰ জিলাৰ অন্তৰ্গত বৰদ’লা গাঁৱৰ দেৱ দত্ত, কামৰূপ জিলাৰ অন্তৰ্গত পানবাৰী, বকো আৰু বৰুৱা পথাৰ অঞ্চলৰ নাজেৰ আলি, চাহাবুদ্দিন আহমেদ, আব্দুল ৰহমান, ৰুবুল হুছেইন, টুলু শ্বেখকে ধৰি অৰ্দ্ধ শতাধিক লোক পুলিছ-মিলিটেৰী তথা অচিনাক্ত আততায়ীৰ কৱলত পৰি নিৰুদ্দেশ হৈছিল৷
প্ৰণিধানযোগ্য যে, ৰাজ্য চৰকাৰে আজি পৰ্যন্ত এই নিখোজসকলক মৃত বুলি ঘোষণা কৰাৰ পৰা বিৰত থকাৰ বিপৰীতে তেওঁলোকৰ কোনো সম্ভেদো উলিয়াব নোৱাৰিলে৷ সেয়ে আজি এই ১৪ আগষ্টৰ দিনটো চিৰযুগমীয়া কৰি থৈ যোৱা এই ব্যক্তিসকলৰ ত্যাগ, মহানতা তথা আত্মবলিদানক উপযুক্তভাৱে স্বীকৃতি নিদিয়াত তেওঁলোকৰ বিষয়ে বৰ্তমানৰ আমাৰ সমাজৰ উঠি অহা নৱ-প্ৰজন্মই প্ৰায় পাহৰিয়েই যাবলৈ ধৰিছে৷ ইয়াৰ মাজতে এই দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত সেইসকলক স্মৰণ কৰে আছুৱে।