প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Forever News
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Forever News

যোৰহাটঃ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা৷ নগা দুৰ্বৃত্তই হাতত বন্দুক লৈ নাগালেণ্ড সীমা অতিক্ৰম কৰি অসমৰ চাহ বাগনত প্ৰবেশ কৰা বুলি জানিব পৰা গৈছে৷

বুধবাৰে নিশা অসমৰ চাহ বাগিছাত প্ৰবেশ কৰি নগা দুৰ্বৃত্তৰ দলটোৱে অসম-নাগালেণ্ড সীমান্তৱৰ্ত্তী যোৰহাট জিলাৰ বদন গগৈ নামৰ লোকজনৰ ক্ষুদ্ৰ চাহ বাগিছাত কেইবাজাই গুলী ফুটাই নিৰ্বিঘ্নে আতৰি যায়৷

জানিব পৰা মতে, যোৰহাট জিলাৰ নাগালেণ্ড সীমান্তৰ একাং ক্ষুদ্ৰ চাহ খেতিয়কক নগা দুৰ্বৃত্তই ধন দাবী কৰাৰ পাছৰে পৰা উত্তেজনা অব্যাহত আছে৷