09
Sep
2017

মঙলদৈঃ মঙলদৈত আজি অসম পুলিচৰ উদ্যেগত দৰং প্ৰশাসনৰ সহযোগত বীৰাংগনা সকলৰ লগতে অসম পুলিচৰ বিশেষ কামাণ্ডো বাহিনীয়ে বিভিন্ন ধৰণৰ সমৰ কলা আৰু দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰে।
এই বিশেষ অনুষ্ঠানত অসম পুলিচৰ ডি আই জি মুকেশ সাহাৰ লগতে অসম আৰক্ষীৰ বিষয়া সকল উপস্থিত থাকে। অনুষ্ঠানত ডি জি পি মুকেশ সাহাই আততায়ীৰ হাতত নিহত হোৱা চাৰিজন জোৱানৰ পৰিয়ালক সন্মান যাচে।
অনুষ্ঠানত দৰং জিলাৰ উপাযুক্ত অশোক বৰ্মন¸ দৰং আৰক্ষীৰ আৰক্ষী অধীক্ষক জিৎ টি¸ মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাস¸ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয় উপস্থিত থাকে।