
যোৰহাটঃ ঐতিহ্যমণ্ডিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় যাদুঘৰ হিচাবে সংৰক্ষিত হ'ব। যোৰহাট জিলাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনক বিশেষভাৱে সংৰক্ষণৰ চিন্তা কৰিছে সভাৰ কেন্দ্ৰীয় সমিতিয়ে।
অসমীয়া ভাষা সাহিত্যৰ জৰিয়তে শতাব্দী প্ৰাচীন পৰিক্ৰমাৰে উজলি উঠা ভৱনটোৱে নতুন মাত্রা লাভ কৰিব বুলি আশা কৰিছে সভাই। শনিবাৰে সভাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে সভাৰ নেতৃত্বই।
সমান্তৰালভাৱে সভাৰ কাৰ্যালয় হিচাপে ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাত শীত-তাপ নিয়িন্ত্ৰত কাৰ্যালয় নিৰ্মাণৰ বাবেও আজি আধাৰশিলা স্থাপন কৰা হয়।
মহেশ্বৰ নেওগৰ প্ৰতিমূৰ্তি উন্মোচন, সভাৰ স্থায়ী গ্ৰন্থ বিপণী মুকলি কৰাৰ লগতে অনুবাদ প্ৰকল্পৰ ৪খন গ্ৰন্থ উন্মোচন কৰা হয়৷ এই অনুষ্ঠানত সভাৰ সভাপতি-সম্পাদকৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকসকলো উপস্থিত থাকে।