তিনিচুকীয়াঃ বিতৰ্কি আৰু অসম সাহিত্য সভা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ সাহিত্য সভাৰ সৈতে বছৰ বছৰ ধৰি জৰিত হৈ থকা একাংশ লোকে কেৱল ধন ঘটি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ সাহিত্য সভাই লাভ কৰা বিভিন্ন অনুদান সদস্যৰ পৰা লাভ কৰা টকাৰ হিচাপ নিদিয়া বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ অসাহিত্যিক তথা ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেতাৰ আজ্ঞাবাহী লোকে অসমীয়াৰ আপোন, অসমীয়াৰ আৱেগ, অনুভূতি অসম সাহিত্য সভাক চলাই থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷

এনেবোৰ কথা যোৱা দুই তিনিটা বছৰত অসমৰ বুকুত ব্যাপক হাৰত চৰ্চা হৈছে৷ কিন্তু অসমৰ সাধাৰণ ৰাইজে এই কথা ভালকৈয়ে অনুভূৱ কৰে যদিও অসম সাহিত্য সভাক এৰিব নোৱাৰে৷ সময় যোৱাৰ লগে লগে অনুষ্ঠানত পুনৰ যোগ্য মানুহ, সাহিত্যৰ সৈতে জড়িত লোকে প্ৰবেশ কৰি অসম সাহিত্য সভাক উদ্ধাৰ কৰিব বুলি আজিও বিশ্বাস কৰে অসমৰ ৰাইজে৷ সাহিত্য সভা তথা সাহিত্য সভাৰ অধিবেশন বুলি কলে অসমৰ গ্ৰাম্য অঞ্চলৰ লোকে আজিও আনন্দিত হৈ পৰে৷

গ্ৰাম্য অঞ্চলৰ পুৰুষ-মহিলাই শ্ৰমদান কৰিবলৈ সাজু হৈ থাকে অসমৰ ৰাইজৰ অনুষ্ঠানটোৰ বাবে৷ ইয়াৰ মাজতে, বৰডুমচা-বুঢ়ীদিহিং অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বৰডুমচা-বুঢ়ীদিহিং অঞ্চলৰ ডেকা-বুঢ়া সকলো ওলাই আহিছে৷ প্ৰতিজন সাহিত্য প্ৰেমী ৰাইজে যেন বুকু ভৰাই মৰম আৰু কেতবোৰ মিঠা স্মৃতি যাতে কঢ়িয়াই নিব পাৰে তাক হিয়া উজাৰি দিবলৈ বুঢ়ীদিহিং-বৰডুমচা বাসী যেন বদ্ধপৰিকৰ৷

আগন্তুক সাহিত্য সভাৰ অধিৱেশন যাতে সৰ্বতো প্ৰকাৰে সফল হয় এই মানসেৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ ৰতনীপথাৰ-বোকাপথাৰ শাখা সমিতি আৰু স্থানীয় যুৱক সংঘৰ উদ্যোগত অঞ্চলটোৰ বাট পথ নিকাকৰণ, গছ-গছনি সমূহত চুণ-তেল আৰু পথচাৰীসকলৰ সুবিধাৰ্থে কেতবোৰ প্ৰচাৰ ফলক লিখাৰ সংকল্প হাতত লোৱা দেখা গৈছে৷ সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ অধিৱেশন ৰিতুপথাৰৰ দৰে পিছপৰা অঞ্চলত হ'ব বুলি দিন বাৰ ঠিক হোৱাৰে পিছৰে পৰা স্থানীয় বাসিন্দাৰ মন উলাহত নাচিছে৷

কিয়নো ৰিতুপথাৰ দৰে ভিতৰুৱা অঞ্চলৰ লোক গৈ অসমৰ অন্য প্ৰান্তত অনুষ্ঠিত এনে অধিৱেশন প্ৰত্যক্ষ কৰাতো বাদেই কল্পনাৰো অগোচৰ আছিল৷ বৃহৎ অনুষ্ঠানৰ সমভাগী হবলৈ অঞ্চলটোৰ সকলো ৰাইজ উবুৰি খাই পৰা পৰিলক্ষিত হৈছে৷ প্ৰায়ে নেতিবাচক খবৰে বাতৰিৰ শীৰ্ষস্থান দখল কৰা পেঙেৰী-বৰডুমচাই যেন সাহিত্য সভাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হয় তাৰেই আপ্ৰাণ চেষ্টা সকলো জনগণৰ৷ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো অঞ্চলেই যেন সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ কথা অনন্ত কাললৈ সুৱঁৰি থাকে সেয়াই প্ৰাপ্তি বুলি সাহিত্য সভাৰ শুভাকাংক্ষী লোকসকলে অনুভৱ কৰে৷