newsnextone.com | জাজৰিঃ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহাসভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে পুনৰ ক্ষোভিত হৈ পৰিছে পশ্চিম নগাঁও জিলা সমিতি। কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ সময়তে অসম সত্ৰ মহাসভাই অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰিছিল৷

অসম সত্র মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই দিল্লীত অনুষ্ঠিত সংসদীয় যুটীয়া সমিতিৰ শুনানিত অংশ লৈ হিন্দু শৰণাৰ্থীক সংস্থাপনৰ সমৰ্থন আগবঢ়োৱা কাৰ্যক অসম সত্র মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল৷ অসম আৰু অসমীয়াৰ বিৰুদ্ধি যোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছিল পশ্চিম নগাঁও জিলা সত্র মহাসভাই৷

পশ্চিম নগাঁও জিলা সত্র মহাসভাই পুনৰ এখন এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ বৈঠক অনুষ্ঠিত কৰি অসম সত্র মহাসভাৰ বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনক স্ব-ইচ্ছাই পদত্যাগ কৰা উচিত বুলি কয়। মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই অসম সত্র মহাসভাক নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি ঠায়ে ঠায়ে চিণ্ডিকেট সৃষ্টি কৰা বুলি কয়। মহাপুৰুষ গুৰুসকলৰ সত্রীয়া আদৰ্শক জলাঞ্জলি দি আজীৱন সদস্যৰ নামত ধন সংগ্ৰহ, অবৈধভাৱে সত্রৰ নামত পূজি আৱণ্টনৰ আশ্বাস দি ধন সংগ্ৰহ কৰি অসাংবিধানিক কাৰ্যৰে সত্র মহাসভাৰ গৰিমাক অপমান কৰা বুলি কয়। গতিকে কাৰ্যনিবাহক সমিতি খনেই পদত্যাগ কৰা উচিত বুলি কয়।

পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ সভাপতি ঘনমোহন গোস্বামীৰ সভাপতিত্বত জাজৰিস্থিত শৰাইঘাট থিয়টাৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা কাৰ্যনিবাহক সভাত প্ৰধান সম্পাদক মহন্তৰ বিৰুদ্ধে কেইহাটাও অভিযোগ উত্থাপন কৰি বৰ্তমান দায়িত্বপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ নেতৃত্বত অসম সত্র মহাসভাই জাতীয় স্বাৰ্থ অটুত ৰাখি এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। পশ্চিম নগাঁৱৰ সম্পাদক মানিক বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন সম্পাদক বুধিন মহন্ত, থগিত মহন্ত উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷