
নগাঁওঃ নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা নগাঁও জিলাত ধাৰাবাহিক চুৰিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যেন অভিলেখ গঢ়াৰ পথত নগাঁও জিলা। বিশেষকৈ চোৰ-ডকাইতৰ সন্মুখত যেন হাৰ মানিবলৈ বাধ্য হৈছে জিলাখনৰ অন্তৰ্গত জাজৰি আৰক্ষী। জাজৰি আৰক্ষীৰ অৱস্থিতি আৰু অস্তিত্বক শূন্য প্ৰমাণ কৰি থানাখনৰ অন্তৰ্গত ফুলনিআটিত ছমাহৰ ভিতৰতে পুনৰবাৰ চোৰে লুটপাত চলোৱা কাৰ্যই এতিয়া সাধাৰণ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে।
জানিব পৰা মতে, শনিবাৰে নিশা কোনো দুৰ্বৃত্তই ফুলনিঅাটী নিবাসী পূৰ্ণানন্দ হাজৰিকাৰ বাসগৃহত চলালে চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি সা-সম্পত্তি, আ-অলংকাৰৰ লগতে লক্ষাধিক টকাৰ নগদ ধন লৈ উধাও হয় চোৰ। উল্লেখ্য যে, যোৱা ১৮ জানুৱাৰীত ঘৰৰগৰাকী পূৰ্ণানন্দ হাজৰিকা সপত্নীক গুৱাহাটীত পুত্ৰৰ ঘৰলৈ গৈছিল আৰু দেওবাৰে দিনৰ ভাগত ঘৰলৈ আহি দুৱাৰৰ তলা ভঙা প্ৰত্যক্ষ কৰাত হে সমস্ত ঘটনা পোহৰলৈ আহে।
ঘটনা সন্দৰ্ভত পূৰ্ণানন্দ হাজৰিকাই জাজৰি আৰক্ষীক অৱগত কৰাত অাৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু চোৰৰ সন্ধানত স্নিফাৰ ডগেৰে অভিযান আৰম্ভ কৰে। বাতৰি যুগুতোৱা পৰলৈকে চোৰৰ কোনো শূংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইপিনে, থানা এলেকাত নিশা হ'লেই তহলদাৰী আৰক্ষী অথবা গাঁওৰক্ষী বাহিনীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ চোৰ ডকাইতে সন্ত্ৰাস চলোৱাৰ অভিযোগ তুলিছে ৰাইজে।