
গৰৈমাৰিঃ এটি দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী কন্যা বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত৷ ৰাজ্যত নাৰী দেহৰ ব্যৱসায় অব্যাহত থকা বুলি প্ৰচাৰ হৈ অহাৰ সময়তে দুই কন্যা সন্তান নাটকীয় ভাবে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ হাৰমতীৰ পৰা নিৰুদ্দেশ হয়৷ জানিব পৰা মতে, দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ শিঙিমাৰী হাবি গাঁৱৰ বিধৱা মহিলা হাফিজা খাতুনক কোম্পানীত কাম দিয়াৰ প্ৰলোভন দি কেইগৰাকীমান লোকে অৰুণাচলৰ হাৰমতীলৈ লৈ যায়৷
স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে দি হাজিৰা কৰি দুই কন্যা সন্তান ৰুনা লাইলা (১২) আৰু জামেলা বেগম(৮)ক পোহপাল দি আহিছিল৷ হাফিজা খাতুনে কোম্পানীত কাম কৰিবৰ বাবে অৰুণাচললৈ যোৱাৰ সময়ত দুয়ো কন্যাক লগত লৈ যায়৷ যোৱা ৯ নৱেম্বৰত ধুবুৰী জিলাৰ জৰুৱা চৰৰ নুৰ আলম, শচান চৰৰ চাজামাল হক, গুৱাহাটীৰ মাইজুলিৰ ইলিজা বেগম আৰু ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাৰ ছাইদুৰ আলীৰ সৈতে অৰুণাচলৰ হাৰমতীত উপস্থিত হয়৷ হাৰমতী পোৱাৰ পিছতে বিধৱা মহিলাগৰাকীয়ে অচেতন হৈ পৰে৷ বহু সময়ক মূৰকত পথৰ দাতিত উদ্ধাৰ হয় তেও৷
মহিলাগাৰকীয়ে চেতনা ঘুৰাই পোৱাৰ পিছতে সমীপত দুই কন্যা কন্যাক নেদেখি ব্যাকুল হৈ পৰে৷ মহিলাগৰাকীক কাম দিয়াৰ প্ৰলোভনেৰে অৰুণাচললৈ নিয়া লোককেইগৰাকীয়ে দুই কিশোৰীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ মৰমৰ দুই কন্যা সন্তানৰ নিৰুদ্দেশ হৈ হোৱাৰ পিছৰে পৰা চকুলো টুকি দিন পাৰ কৰিছে মাতৃয়ে৷ মহিলাগৰাকীয়ে সুস্থ হৈ উঠাত হে সমগ্ৰ ঘটনা পোহৰলৈ আহে। মহিলাগৰাকীয়ে হাৰমতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কন্যা সন্তান দুটিৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।