
গুৱাহাটীঃ বিগত কেইবাদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত একাংশ ছাত্ৰই অামৰণ অনশন কৰাৰ পাছতে এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বৰাকৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
সময়ে সময়ে ৰাজ্যখনৰ ঐতিহাসিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাসমূহ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অালাপ-অালোচনাৰ মাজেৰে মীমাংসা কৰিব খোজে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অালাপ-অালোচনা প্ৰায়ে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হয়। যাৰ বাবে বহু মূল্যৱান সময় নষ্ট কৰি তথা শ্ৰেণীকোঠা এৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিব লগাত পৰে।
বৰাক উপত্যকাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান শিলচৰস্থিত অসম বিশ্ববিদ্যালয়তৰ ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও গুৰুতৰ দাবীলৈ উপাচাৰ্য ড° দিলীপ চন্দ্ৰ নাথৰ সৈতে অালোচনাত বহে। ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যায়লৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলে কেৱল অালাপ অালোচনাই নহয়, দাবীসমূহ স্মাৰকপত্ৰ যোগে সমাধানৰ দাবীও জনায়।
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধি দলটোক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিলীপ চন্দ্ৰ নাথে সমস্যাসমুহ তথা দাবীসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ছাত্ৰ-ছাত্ৰীসকলে বান্ধি দিয়া ২৪ ঘণ্টাৰ সময় অতিক্ৰম কৰাত ছাত্ৰ-ছাত্ৰীয়ে পাঠদান এৰি অাজি পুৱা সাত বজাৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰতে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰায় অাধা ঘন্টা সময় শ্লোগান দিয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী মানি নোলোৱা পৰ্যন্ত অনশন কৰাৰ সিদ্বান্ত গ্ৰহণ কৰে।
বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সম্পাদক কাজল চন্দ্ৰ দাসে newsnextone.comক জনোৱা অনুসৰি যোৱা ১৫ মাৰ্চত বিশ্ববিদ্যালয়খনত দীক্ষান্ত সমাৰোহ তথা সমাৱৰ্তন অনুষ্ঠিত হৈছিল। ছাত্ৰ একতা সভাৰ সম্পাদকগৰাকীয়ে সমাৱৰ্তনত একেবাৰে নিম্নমানৰ খাদ্য ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়াৰ লগতে বহু ছাত্ৰ দলে সমাৱৰ্তনৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশৰ কৰিবলৈ সুযোগ নোপোৱাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে সমিতি ভংগ কৰা আৰু সমাৱৰ্তনৰ হিচাপে দাখিল কৰাৰ দাবী জনায়।
আনহাতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলসমূহ ৪৫ দিনৰ ভিতৰত ঘোষণা কৰা, হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰা, প্ৰৱক্তাৰ উপস্থিতি নিয়মীয়া কৰা, ছাত্ৰ-ছাত্ৰীৰ ১০ মাহৰ ফেল’শ্বিপ আদায় দিয়া, বিভিন্ন বিভাগত খালী হৈ থকা প্ৰৱক্তাৰ পদসমূহ পূৰণ বাবে আজি অনশন পালন কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ B.Voc বিভাগত যোৱা এবছৰে পঞ্জীয়ন নোহোৱাৰ লগতে পৰীক্ষা অনুষ্ঠিত নকৰাৰো অভিযোগ উঠিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।