লংকাঃ বাগদেৱী সৰস্বতী পূজাৰ দিনাই শ্ৰোতা ৰাইজক এক নতুন গান উপহাৰ দিলে সুকণ্ঠী গায়িকা গীতালি কাকতীয়ে৷ ডিমা হাচাউ জিলাৰ দয়ংব্ৰাত আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই নতুন গীত শুনালে কণ্ঠ শিল্পীগৰাকীয়ে৷

'মই ৰঘুমলা' নামৰ নতুন গীতটোৰ অডিঅ’ মুকলি কৰাৰ কথা ঘোষণা কৰে জনপ্ৰিয় কণ্ঠ শিল্পীগৰাকীয়ে৷ নিশা অনুষ্ঠানত নতুন গীত পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে গীতালি কাকতীয়ে৷

উল্লেখ্য যে, সৰস্বতী পূজাৰ দিনাই ডিমা হাচাউ জিলাৰ দয়ংব্ৰাত দয়ং ভেলী ইংলিছ স্কুলৰ এখনৰ ছাত্ৰাবাস এটাৰ শুভাৰম্ভ কৰা হয়৷ জিমা হাচাউৰ স্বায়ত্বশাসিত পৰিষদৰ দয়ংব্ৰা সমষ্টিৰ সদস্য নবজ্যোতি হোজাইয়ে নাৰিকল ভাঙি ছাত্ৰাবাসটোৰ শুভাৰম্ভ কৰে৷ প্ৰায় ৩৫০ গৰাকী ছাত্ৰছাত্ৰী থাকিব পৰা এই ছাত্ৰাবাসটোৱে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা অঞ্চলটোত যথেষ্ট সহায় আগবঢ়াব বুলি আশা কৰিছে দয়ং ভেলী ইংলিছ স্কুলৰ কৰ্তৃপক্ষই৷