
কোকৰাঝাৰঃ বিটিএডিত অসমীয়া ভাষাক অৱহেলাৰ দৃষ্টিৰে চোৱা হৈছে যত বডোলেণ্ড বিশ্ববিদ্যালয়েও হাত উজান দিয়া বুলি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই অভিযোগ কৰাৰ পিছত আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বিশ্ববিদ্যালয়ৰ স্থিতি স্পষ্ট কৰি দিছে।
উল্লেখ্য যে, অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিত শেহতীয়াকৈ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ বিটিএডিৰ মহাবিদ্যালয়সমূহত অসমীয়া, বড়ো, হিন্দী বিষয়ৰ বাহিৰে অন্য বিষয়ত স্নাতক মহলাৰ পৰা অকল ইংৰাজী ভাষাতহে ছাত্ৰ ছাত্ৰীয়ে উত্তৰ লিখিব পাৰিব বুলি বড়োলেণ্ড বিশ্ববিদ্যালয়ে এক নিৰ্দেশনা জাৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
অবড়ো সুৰক্ষা সমিতিৰ নেতাগৰাকীয়ে উক্ত অভিযোগ কৰাৰ পিছতে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজ কক্ষত এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেনেধৰণৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৪৭ খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰ্যায়ত অসমীয়া, বেংগলী, বড়ো আৰু হিন্দী বিষয়বোৰৰ বাহিৰে আন গুৰু বিষয়ত অৰ্থাৎ মেজৰ বিষয়ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তথা শিক্ষাৰ্থীৰ স্বাৰ্থত ইংৰাজী ভাষাত উত্তৰ লিখাটো বাধ্যতামুলক কৰা হৈছে।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
অৱশ্যে সাধাৰণ বিষয়বোৰত তেওঁলোকে পূৰ্বৰ দৰেই অসমীয়া বা ইংৰাজী ভাষাতে লিখিব পাৰিব। যি সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৰেগুলাৰ বা পাচ কৰ্চৰ প্ৰশ্ন কাকততো অসমীয়া ভাষা সন্নিবিষ্ট কৰিছে তেনে সময়ত বিশ্ববিদ্যালয়ে অসমীয়া ভাষা বৰ্জনৰ অভিযোগটোৱেই অপাংক্তেয় বুলি মন্তব্যৰে বিশ্ববিদ্যালয়ৰ বিষয় লৈ ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই৷