15
Mar
2019

তেজপুৰঃ ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত ২০১৮-১৯ বৰ্ষত চানক্য নাটকৰ মুখ্য চৰিত্ৰৰ জৰিয়তে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সুৰেন মহন্ত অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে কিন্তু খবৰ লবলৈ সময় নাই ভাগ্যদেৱী থিয়েটাৰৰ কৰ্তৃপক্ষৰ।
ভ্ৰাম্যমান জগতৰ সম্ৰাট সুৰেন মহন্ত শিৱসাগৰ চেপনত নাটকত অভিনয় কৰি থকাৰ কালতে ১১ মাৰ্চৰ দিনা ককাল আৰু পিঠিৰ বিষয়ত গুৰুত্বভাৱে অসুস্থ পৰে। ভাগ্যদেৱী থিয়েটাৰ অভিনয় নকৰি বিচনাত চটফটাই থকা সুৰেন মহন্তক পৰিয়ালৰ লোকে নিশাই শিৱসাগৰৰপৰা তেজপুৰলৈ আনি চিকিৎসা কৰি আছে।
কিন্ত এই সম্পৰ্কত ভ্ৰাম্যমান ভাগ্যদেৱী থিয়েটাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ খবৰ কৰা নায়। অভিনেটা গৰাকীৰ ৩০ বছৰীয়া ভ্ৰাম্যমান জগৰ অভিনয়ৰ ক্ষেত্ৰত এইবাৰ অতি তিক্ত অভিজ্ঞতা লাভ কৰি দুখ প্ৰকাশ কৰিছে অভিনেতাজনে।