নামতিঃ নামতিত শ্ৰমদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ শতাধিক নেতা-কৰ্মীয়ে৷ আছুৰ কৰ্মসূচীৰ অধীনত বুধবাৰে নামতি আঞ্চলিক ছাত্ৰ সন্থাই নামতি অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠন ঐতিহ্যমণ্ডিত নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্রমদান কৰে।

বিদ্যালয় খনৰ শিক্ষাগুৰু আৰু ছাত্ৰৰ সহযোগত কৰা আছুৰ এই কাৰ্যসূচীত বিদ্যালয়ৰ চৌহদ চাফ-চিকুন কৰাৰ লগতে ভালেসংখ্যক বৃক্ষ ৰোপণ কৰে।

নামতি আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা ধ্রুৱজ্যোতি কলিতা, প্রার্থ প্রতীম দত্ত, সভাপতি ঋতুৰাজ দত্ত, সাধাৰণ সম্পাদক কর্ন্দপ নেওগ, ক্রীড়া সম্পাদক অঙ্কুৰ হাজৰিকা সহকাৰী সম্পাদক উজ্জল দত্ত লগতে ভালেকেইজন সদস্যই উক্ত শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।