
নলবাৰীঃ তিনি বছৰ আগতেই স্থাপন কৰা আধাৰশিলাৰ আজিকোপতি হৈ নুঠিল কাম৷ ২০১৪ চনৰ ৫ নৱেম্বৰত আধাৰশিলা কৰি ২০১৫ চনৰ ৮ চেপ্তেম্বৰত মুকলি কৰিম বুলি চৰকাৰে ঘোষণা কৰা ঘগ্ৰাপাৰস্থ সুধাকন্ঠ ড° ভূপেন হাজৰিকা মূকলি মঞ্চ আৰু উদ্দ্যান আজিও মুকলি ন’হল।
কিমান পইছা আহিল, কিয় সম্পূৰ্ণ ন’হল, কেতিয়া সম্পূৰ্ণ হ’ব তাৰ কোনো খবৰ নাই বিষয়া আমোলা নাইবা ৰজাঘৰীয়াৰ৷ এই সমগ্ৰ বিষয়ক লৈ বৃহস্পতিবাৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এক প্ৰতিবাদী সমদল উলিয়াই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
ছাত্ৰ সন্থাৰ স্পষ্ট মত সুধাকন্ঠক অশ্ৰদ্ধা কৰা কথা কেতিয়াও সহ্য কৰা নহব। লগতে কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাই সংগঠনটোৱে।