ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ম'হলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি সম্পন্ন হোৱাৰ পিছতে সন্ধিয়া ফলাফল সমূহ ঘোষণা কৰা হয়। নিৰ্বাচনী ফলাফল অনুসৰি আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় যাত্ৰা অব্যাহত আছে। প্ৰায় ৬৫ শতাংশ ভোটদান হোৱা এই নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থী উত্তৰণ গোস্বামী সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

তেওঁ প্ৰতিদ্বন্দী সম্য হাজৰিকাক ৭৫০ টা ভোটত পৰাস্ত কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়। মুঠ  ১৮ টা পদৰ বাবে অনুষ্ঠিত হোৱা স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা নিৰ্বাচনত উপ-সভাপতি হিছাপে নিৰ্বাচিত হয় সেউজ দহোটীয়া। সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰাম কিংক মহন্ত আৰু হিমাংশু হাজৰিকাক ১১০০ ভোটত পৰাজিত কৰি এই পদ দখল কৰে আছু সমৰ্থিত প্ৰাৰ্থী ডেভিদ হাজৰিকাই।

ইপিনে সহকাৰী সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বদন্দিতাৰে জয়ী হয় সঞ্জয় কৃষ্ণ ভৰালী। সাংস্কৃতিক সম্পাদক হিচাপে অভিজিত চুতীয়া, সংগীত বিভাগৰ সম্পাদিকা হিচাপে ৰিম্পী গগৈ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে ১৮ টা পদৰ ভিতৰত ১০ টা পদৰ বাবে ২২ জন প্ৰাৰ্থীৰ মাজত হৈছিল প্ৰতিদ্বন্দিতা।

বাকী ৮ গৰাকী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিল। জয়ী আন প্ৰাথী সকল ক্ৰমে সমাজসেৱা সম্পাদক- ৰাজদ্বীপ ঘীমিৰি। আন্তঃক্ৰীড়া সম্পাদক- বিপ্লৱ গগৈ৷ ছাত্ৰ জিৰণি কোঠা- বিতু গগৈ৷ ছাত্ৰী জিৰণি কোঠা- ময়ূৰী ফুকন৷ সাধাৰণ ক্ৰীড়া সম্পাদক- মৃদুল ভূঞা৷ ভলীবল সম্পাদক- প্ৰিয়ংকা ছেত্ৰী৷ ক্ৰিকেট সম্পাদক- প্ৰণৱ নাথ৷ শৰীৰ চৰ্চা- নবজ্যোতি গগৈ৷ সাহিত্য আৰু সুকুমাৰ কলা- পৰিনীতা দুৱাৰা৷ ফুটবল সম্পাদক- হেমন্ত কুমাৰ ফুকন।

তদুপৰি বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰা ৮ গৰাকী প্ৰতিদ্বন্দী ছাত্ৰ আছুৰ সমৰ্থিত প্ৰাৰ্থী আছিল। উক্ত নিৰ্বাচনত ২৬,০০ ভোট পোলিং হৈছিল বুলি জানিবলৈ পোৱা গৈছে।