বোকাজানঃ কাৰ্বি পাহাৰত তাহানিৰ ৰঙা বাছ আকৌ দৌৰিবলৈ সাজু হৈছে৷ ৰঙা বাছ নতুবা চৰকাৰী বাছে অন্তিম ভৰষা আছিল এটা সময়ত৷ লাহে লাহে চৰকাৰৰ অৱহেলাৰ বাবে ৰাজ পথৰ পৰা নোহোৱা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সমূহ৷

কিন্তু কাৰ্বি পাহাৰৰ বোকাজানত প্ৰায় ২০ বছৰৰ মূৰকত আকৌ দেখা গ'ল অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাছ৷ বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম'মিনৰ প্ৰচেষ্টাত বোকাজান নগৰৰ পৰা নগাঁৱলৈ দেওবাৰে বাছ সেৱাৰ উদ্ধোধন কৰা হয়৷

বোকাজান নগৰস্থিত পি এইচ চি অতিথিশালা প্ৰাংগনত বিধায়ক ডাঃ নোমল ম'মিনে বাছসেৱাৰ ফ্লেগ অফ কৰে৷ উদ্ধোধনী অনুষ্ঠানত দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও সংমণ্ডলৰ অধীক্ষক ৰুক্নধৰ নাথৰ লগতে গাণনিক বিষয়া সুপ্ৰতীভ বৰগোহাঁইও উপস্থিত থাকে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও সংমণ্ডলৰ অধীনত চলিবলগীয়া এই বাছসেৱা নিতৌ বোকাজান নগৰৰ পৰা পুৱা ৬.৩০ বজাত সৰিয়হজান হৈ মাঞ্জাৰ পৰা বকলীয়া হৈ নগাঁৱলৈ যাব  আৰু প্ৰতিদিনে নগাঁৱওৰ পৰা উভতি আহিব৷

অনাগত দিনত বোকাজানৰ পৰা ডিফু আৰু তেজপুৰলৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত কেইবাখনো বাছৰ চলাচাল কৰিব বুলি কয় বিধায়কগৰাকীয়ে৷ অসম চৰকাৰে ১৭০খন অত্যাধুনিক মাৰ্চিডিচ বাছ ক্ৰয় কৰিছে বুলি কৈ এখন বাছ বোকাজানৰ পৰা চলোৱাৰ পৰিকল্পনা কৰা বুলিও কয় বিধায়কগৰাকীয়ে৷