নগাঁওঃ পূৰ্বৰ বছৰৰ দৰে সাফল্যৰ ধাৰা অব্যাহত ৰাখি এইবাৰো নগাঁও জিলাৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷

জানিব পৰা মতে, আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ পাঁচটাকৈ গুৰুত্বপূৰ্ণ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীক শোচনীয়ভাৱে পৰাস্ত কৰি নিজৰ সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়৷

ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সভাপতি পদত তৃষ্ণা শইকীয়া, সাধাৰণ সম্পাদকৰ পদত বিশ্বজিৎ লালুং, সহঃ সাধাৰণ সম্পাদকৰ পদত ৰিদীপ কুমাৰ বৰদলৈ, আলোচনী সম্পাদকৰ পদত তন্ময় ভূঞা আৰু সাংস্কৃতিক সম্পাদকৰ পদত দীগন্ত নাথ জয়ী হয়৷ বিগত ২০১৬-১৭ বৰ্ষটো ছাত্ৰ একতা সভাখনৰ নিৰ্বাচনত আছুয়ে একক আধিপত্য বিস্তাৰ কৰি ছাত্ৰ একতা সভাখন নিজৰ দখলত ৰাখিছিল৷

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে বিজেপি দলৰ চৰকাৰ থকা স্বত্তেও বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতত এনেদৰে মুখ থেকেচা খাবলগীয়া হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

ইফালে এনে ঈৰ্ষণীয় ফলাফলত স্বাভাবিকতেই উৎফুল্লিত হৈ পৰা আছুৰ সমৰ্থকসকলে প্ৰাৰ্থীসকলক লৈ স্থানীয় অঞ্চলৰ মাজেৰে এটি শোভাযাত্ৰা উলিয়াই আনন্দত মতলীয়া হৈ পৰা দেখা যায়৷

আছুৰ নিৰ্বাচিত প্ৰাৰ্থীসকলক সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাস, সাধাৰণ সম্পাদক মুন্না শৰ্মা, সাংগঠনিক সম্পাদক পিংকু বৰা, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিপন জ্যোতি শৰ্মা, সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি নাথ আৰু উপদেষ্টা সৌৰভ গোস্বামীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷