নগাঁওঃ অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰ একতা সভাখনৰ মুঠ ১৪ টা পদৰ ভিতৰত ৮ টাত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে ৫ টাত বিজয় সাৰ্বস্ত কৰিছে৷

আনটো পদ এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে দখল কৰে৷ ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সাংস্কৃতিক সম্পাদকৰ পদত মাধুৰ্য বৰা, সংগীত সম্পাদকৰ পদত গৌতম নাথ, সহকাৰী ক্ৰীড়া সম্পাদকৰ পদত নীলাক্ষী শইকীয়া, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত ভাস্কৰ চাংমাই, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদকৰ পদত প্ৰাৰ্থনা বৰা, ছাত্ৰ কল্যান নিধি পদত ফাৰহান আখটাৰ হাজৰিকা, সমাজ সেৱা পদত সুনম ঘোষ আৰু ফাইন আৰ্টৰ পদত তন্ময়ী ভূঞা বিজয়ী হৈছে৷

ইয়াৰ বিপৰীতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে সাধাৰণ সম্পাদকৰ পদত দীপাংকৰ দাস, সহঃ সাধাৰণ সম্পাদকৰ পদত মৌচুক বেইক, ক্ৰীড়া সম্পাদকৰ পদত ছুইটী বৰদলৈ, সাহিত্য বিভাগৰ পদত সীমাশ্ৰী নেওগ আৰু তৰ্ক সম্পাদকৰ পদত কুইন বৰা নিৰ্বাচিত হৈছে৷

আনহাতে, লক্ষণীয়ভাবে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় সভাপতিৰ পদটো এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী বিতু সৰকাৰে আছু আৰু এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীক পৰাস্ত কৰি দখল কৰিবলৈ সক্ষম হোৱাটো বিশেষ তাৎপৰ্য ৰূপে চিহ্নিত হৈছে৷