
চৰাইদেউঃ আজি অনুষ্ঠিত সোণাৰি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ ফলাফল আছুৰ দখললৈ। নিৰ্বাচনৰ অন্তত ছাত্র একতা সভাৰ সভাপতি পদৰ বাবে আছুৰ সমৰ্থিত প্ৰাৰ্থী কল্যাণ গগৈ আৰু সম্পাদক পদৰ বাবে হেমকান্ত দত্ত বিজয়ী হয়।
CLICK►https://www.newsnextone.com/lets-play-blue-whale-game-for-life
সৰ্বমুঠ ১৪ টা পদত প্ৰতিদ্বন্দীতা কৰা প্ৰাৰ্থীৰ ভিতৰত আছুৱে ১২ টা পদবীৰ প্ৰাৰ্থীক প্ৰতিদ্বন্দীতা কৰাই ১০ টা মূখ্য পদবীত জয়ী হয় আছুৰ মনোনীত কৰা প্ৰাৰ্থীয়ে।
উক্ত ছাত্র একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমৰ্থিত প্ৰাৰ্থী আগবঢ়াইছিল যদিও প্ৰতিদ্বন্দীতা হিচাপে আছুৰ প্ৰভাৱত বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে বিশেষ ভাবে ফলপ্ৰসু হবলৈ সক্ষম নহ’ল।
CLICK►https://www.newsnextone.com/lets-play-blue-whale-game-for-life
আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মাণিক গগৈ, সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অমিত দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক অভিনৱ কলিতাই জয়ী হোৱা প্ৰাৰ্থীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।