মৰিয়নীঃ আপোনাৰ বাৰু মেকুৰী চকু নে? যদি নহয়, তেন্তে আপুনি চিনামৰাৰ এটিএমত দিনতে টকা উলিয়াব লাগিব৷ কিয়নো ৰাতি হলে একোকে নেদেখি যোৰহাট জিলাৰ চিনামৰা এটিএমত৷

উল্লেখ্য যে, চিনামৰাত আছে এটাই ষ্টেট বেংকৰ এটিএম৷ তাকো ৰাতি নাি পোহৰৰ ব্যৱস্থা৷ যাৰ ফলত সমগ্ৰ চিনামৰা অঞ্চলৰ অ এন জি চি, আৰু কেইবাটাও ফেক্টৰীৰ কৰ্মচাৰীক জ্বলা-কলা খুৱাইছে এই এটিএমটোৱে৷

এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে বেংক কৰ্তৃপক্ষক কেইবাবাৰো অভিযোগ কৰিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ষ্টেট বেংক কৰ্তৃপক্ষই৷