তিনিচুকীয়াঃ দেশত দিনক দিনে বৃদ্ধি পাইছে সাংবাদিক আক্ৰমণৰ ঘটনা৷ মুম্বাইৰ আততায়ীৰ গুলীত নিহত জ্যোতিৰ্ময় দে’, বেংগলুৰুত দুষ্কৃতিকাৰীৰ হাতত নিহত গৌৰী লংকেশ আৰু ত্ৰিপুৰাৰ স্থানীয় সংবাদকৰ্মী শান্তনু ভৌমিকৰ মৃত্যুৰ এটা বছৰো পাৰ নৌহওঁতেই মঙলবাৰে নিশা চুবুৰীয়া ৰাজ্য মেঘালয়ত পুনৰ সংঘটিত হ’ল আন এক সাংবাদিক আক্ৰমণক ঘটনা৷ 

জানিব পৰা মতে, মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰকাশিত ‘শ্বিলং টাইমছ’ নামৰ কাকতখনৰ সম্পাদক পেট্ৰিছিয়া মুখিমক কোনো দুষ্কৃতিকাৰীয়ে পেট্ৰলবোমাৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে৷ এই ঘটনাৰ পিছতেই সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

চুবুৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাক আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাত জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী তুলিছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু  সম্পাদকপ্ৰধান হেমন্ত শইকীয়াই সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু মেঘালয় চৰকাৰক দাবী জনাইছে। 

বুধবাৰে পুৱা আপকুৰ সভাপতি মনোজ সিঙে ভুক্তভোগী সম্পাদকগৰাকীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি ঘটনাৰ বুজ লয়।  আপকুৰ পৰিয়ালৰ হৈ তেখেতক মনোবল আৰু  শান্ত্বনা প্ৰদান কৰা হয়। ইতিমধ্যে তেখেতৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।