লংকাঃ ক্ৰমাত অপৰাধ-অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা লংকা চহৰত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা৷ দুখন বাইকত অহা অচিনাকী দুৰ্বৃত্তৰ গুলীত ধাৰাসায়ী হয় লংকাৰ এজন ব্যৱসায়ী আৰু তেওঁৰ সতীৰ্থ৷

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, সোমবাৰে নিশা লংকাৰ ব্যবসায়ী  বিপ্লৱ দে আৰু দেৱজিত দত্তই নিজ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থকাৰ পথত ৰংমহলাৰ সমীপত পালচাৰ বাইক আৰু কৰিস্মা বাইক লৈ অহা চাৰি দুৰ্বৃত্তই দুই ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে আৰু দুৰ্বৃত্তৰ দলটোৱে বিপ্লৱ দেৰ পৰা এটা লেপটপ, নগদ ধন, চেক, মোৱাইল আৰু ডিঙিৰ সোণৰ চেইন লুটি লৈ যায়।

ইফালে দুৰ্বৃত্তৰ গুলীত আহত বিপ্লৱ দে আৰু দেৱজিত দত্তক পিছত স্থানীয় লোকে তথা আৰক্ষীয়ে উদ্ধাৰ কৰি লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে৷

দুৰ্বত্তৰ গুলীত গুৰুত্বৰ ভাৱে আহত বিপ্লৱ দে’ৰ অৱস্থা অতি সংকটজনক হৈ পৰাত পিছত হোজাইৰ হাম হাস্পাতাললৈ প্ৰেৰণ কৰা হয়৷ ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তই পেলাই থৈ যোৱা ৬.৭৫ এম এম পিষ্টল এটা উদ্ধাৰ কৰে৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে৷