মোৰাজাৰঃ এইবাৰ হাতী নহয়,মহৰ তাণ্ডৱত আহত হয় এজন শিশু৷ বিগত দিনবোৰত বানপানীয়ে ভয়ঙ্কৰ ৰূপ লোৱাত সকলো পিনে বনৰীয়া জীৱ জন্তু বোৰ দিক-বিদিক হেৰুৱাই যতে-ততে থিতাপি লোৱা দেখা গৈছে।

আজি পুৱা তেনেদৰে থিতাপি লোৱা বনৰীয়া মহৰ আক্ৰমণৰ বলি হল হোজাইৰ মাটিখোলাৰ আদৰ্শ মণ্ডল নামৰ শিশুটি। শিশুটিৰ বয়স আঠ বছৰ। ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ তিনিটা বনৰীয়া মহৰ জাকটোৱে ঘৰৰ চৌহদত প্ৰৱেশ কৰি আক্ৰমণ চলায়৷ ফলত শিশুটি গুৰুত্বৰ ভাবে আহত হয়৷

পিছত বনৰীয়া মহৰ জাকটো নদী পাৰ হৈ কাৰ্বি আংলং অঞ্চললৈ গুচি যায়৷ আহত শিশুটিক তৎক্ষণাৎ হোজাই এফ আৰ ইউ ত ভৰ্তি কৰোৱা হয়। শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

শিশুটিৰ মূৰত মুখমণ্ডলত আৰু পিঠিৰ ফালে আঘাতপ্ৰাপ্ত হয়। বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছত উপস্থিত হৈ মহকেইটা খেদাৰ ব্যৱস্থা কৰে কিন্তু মহৰ জাকটো নদী পাৰ হৈ গুচি যায়।