06
Jun
2018

newsnextone.com | নগাঁওঃ সদৌ অসম সংখ্যালঘূ পৰিষদৰ সম্পাদকৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ জানিব পাৰ মতে, সংগঠনটোৰ সম্পাদক আবু বক্কৰ ছিদ্দিকে সাংগঠনিক কামত নগাঁও জিলাৰ জুৰিয়ালৈ গৈ আছিল৷ নগাঁও-জুৰিয়া সংযোগী গড়কাপ্তানীৰ পথৰ শিঙাৰীত দুৰ্বত্তই আক্ৰমণ কৰে৷
আক্ৰমণৰ মাজতে গাড়ীৰ পৰা নানামি ঘটনাস্থলীৰ আঁতৰি যোৱাতহে কথমপি প্ৰাণ ৰক্ষা সংখ্যালঘূ নেতাগৰাকীৰ৷ ঘটনাটো সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তই৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জুৰিয়া থানাত গোচৰ কৰে সম্পাদক আব্বু বক্কৰে৷ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷