
তেজপুৰঃ পাঠদানৰ মাজতে ঘটিল অঘটন৷ বিদ্যালয়ৰ ভিতৰত হঠাৎ সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতিৰ৷ তেজপুৰ দোলাবাৰিৰ ৩নং প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেনীকোঠাত অতৰ্কিতে এজন দুৰ্বৃত্ত সোমাই আক্ৰমণ চলায়৷
মঙলবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত বিদ্যালয় শ্ৰেনীকোঠাত পাঠদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে এজন অচিনাকি ব্যক্তি শ্ৰেনীকোঠাত সোমাই অতৰ্কিতে আক্ৰমণ চলোৱাত ১৪ গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰী আহত হয়৷
ঘটনাৰ পাছত বিদ্যালয় চৌহদত স্থানীয় ৰাইজৰ উপস্থিত হোৱাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত ৰাইজে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে৷