মঙলদৈঃ ৰাজ্যজুৰি সাংবাদিকসকলে প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী পালন কৰি সাংবাদিকগৰাকীক স্মৰণ কৰি থকাৰ সময়তে মঙলদৈত ৩ গৰাকীকৈ সাংবাদিকক শ শ লোকৰ সন্মুখত মাৰধৰ কৰাৰ ঘটনা সংঘটিত হয়৷ সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মানুহৰ মাজত মাৰধৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷ কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। আজি প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী পালন কৰি থকাৰ সময়তে দুগৰাকী সাংবাদিকক আক্ৰমণ কৰে কেইজনমান দৰিদ্ৰৰ তেজ শুহি খোৱা লোকে৷

মঙলদৈৰ আউলাচৌকাত ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক প্ৰাঞ্জল মহন্ত, নব মহন্ত আৰু ৰমেশ ডেকাক প্ৰহাৰ কৰে৷ আউলাচৌকাত উজ্জ্বলা আঁচনিৰ নামত ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ লাভ কৰি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক কেইজনে৷ কলাইগাঁৱৰ উজ্জ্বলা আঁচনিৰ আবেদন পূৰণৰ নামত একাংশ গেছ এজেঞ্চীয়ে ৬০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত লোৱাৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিককেইজনে৷

বাতৰি সংগ্ৰহ কৰি থাকোতেই কেইগৰাকীমান লোকে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লয়। সাংবাদিক প্ৰাঞ্জল মহন্তৰ এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে আক্ৰমণৰ মূল নায়ক গফুৰ আলীক কৰায়ত্ব কৰি আৰু তদন্ত অব্যাহত ৰাখিছে৷ আক্ৰমণৰ ঘটনাক সদৌ দৰং জিলা ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায়। লগতে দৰং জিলাত উজ্জ্বলা আচঁনিৰ নামত হিতাধিকাৰীৰ পৰা গেছ এজেঞ্চীসমূহে ধন লোৱাৰ যি অভিযোগ উঠিছে এই অভিযোগৰ বিষয়ে দৰং জিলা ছাত্ৰ-সন্থাই তাৎক্ষণিকভাৱে উচিত তদন্তৰ দাবী জনাইছে।