বঢ়মপুৰঃ চামগুৰিৰ লৰিৰমুখত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি পিতা-পুত্ৰ৷ ফলত মৃত্যুক আকোঁৱালী লব লগা হয় মস্ফিকুৰ ৰহমান নামৰ যুৱকজনে৷ ঘটনা অনুসৰি সোমবাৰে নিশা কুদ্দুচ আলী আৰু মস্ফিকুৰ ৰহমান নামৰ দুই পিতা-পুত্ৰই নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ যায়৷ 

কিন্তু মাজবাটতে কেইবাজনো দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে পিতা-পুত্ৰ দুয়োজনৰ অপৰত আক্ৰমণ কৰে৷ ফলত গুৰুতৰ ভাৱে আহত হয় দুয়োজন৷ পাছত স্থানীয় ৰাইজে নিশাই সংকটজনক অৱস্থাত দুয়োজনকে GMCHত ভৰ্তি কৰে যদিও পুত্ৰ মস্ফিকুৰ ৰহমানৰ মৃত্যু ঘটে৷ 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কুদ্দুচ আলী ওৰফে আব্দুল কুদ্দুচৰ ভাতৃ আকবৰ আলীৰ স’তে চলি থকা মাটি-বাৰী সংক্ৰান্ত্ৰীয় সংঘাটৰ পৰিনতিতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি পৰিয়ালৰ একাংশই অভিযোগ উত্থাপন কৰিছে৷ 

এই বৰ্বৰ কাণ্ডৰ লগত ১১ জন লোক জড়িত থকাৰ সন্দেহ কৰিছে মৃত মস্ফিকুৰ ৰহমানৰ পৰিয়ালে৷ ইফালে এই সমূহ অভিযুক্ত আক্ৰমণ সংঘটিত কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।