
গৌৰীসাগৰ/শিৱসাগৰঃ ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা কৰাৰ নামত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ইয়াৰ মাজতে এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি লংকা কাণ্ড সংঘটিত হ’য় শিৱসাগৰত৷
শিৱসাগৰ চহৰৰ বাক্তিগত খণ্ডৰ ইষ্ট পইন্ট হাস্পতাল এণ্ড ৰিৰ্চাছ চেন্টাৰত বুধবাৰে নিশা চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ ফলত এগৰাকী প্ৰসূতিয়ে পুত্ৰ সন্তানৰ জন্ম দি মৃত্যুক আকোৱালি ল’ব লগা হ’য়৷ জানিব পৰা মতে, জিলাখনৰ নাজিৰা চহৰৰ মোস্তাকিন আহমেদৰ পত্নী ফাৰ্জিনা বেগমক মঙলবাৰে চিকিৎসালয়খনত ভৰ্তি কৰে পৰিয়ালে৷
চিকিৎসকে ভৰ্তি কৰাৰ পাছতে ততাতৈয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰে চিকিৎসকে৷ পৰীক্ষা-নিৰীক্ষাৰ অন্তত কেইঘন্টামান পাছত চিজাৰিং কৰিব লাগিব বুলি কয় চিকিৎসালয় কৰ্তৃপক্ষই৷ চিকিৎসক ডাঃ কৃষ্ণ কছাৰী আৰু দিলীপ গগৈয়ে চিজাৰিং কৰে।
এটি পুত্ৰ সন্তান জন্ম লাভ কৰাত মোস্তাকিন আহমেদৰ পৰিয়ালৰ লোকসকলে আনন্দিত হৈ পৰে৷ নিশা পৰিয়ালৰ কেইবাগৰাকী লোক চিকিৎসালয়খনত থকাৰ সময়তে প্ৰায় ২ বজাত প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰে৷ লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়ৰ আন কৰ্মচাৰীক চিকিৎসকক মাতিবলৈ কয়৷ ।
কিন্তু এগৰাকী নাৰ্ছে চিকিৎসক শুই আছে বুলি কৈ দায়িত্ব সামৰে৷ কিছু সময় পাছত চিকিৎসক অবিহনে প্ৰসুতিগৰাকীক এটি বেজী দিয়ে৷ বেজী দিয়াৰ কিছু সময়ৰ পাছতে প্ৰসূতিগৰাকীয়ে ছটফটাবলৈ ধৰে৷ ছটফটাই থকাৰ সময়ত নাৰ্ছে প্ৰসূতিগৰাকীৰ মুখত ছিলিণ্ডাৰবিহীন অক্সিজেন দিয়া বুলি পৰিয়ালে অভিযোগ কৰে৷
পৰিয়ালৰ লোকে চিকিৎসকক মাতিবলৈ কাকুতি-মিনতি কৰিবলৈ ধৰে যদিও ছটফটাই থকা প্ৰসূতিগৰাকীৰ চিকিৎসা অবিহনে প্ৰাণ বায়ু উৰি যায়৷ ইয়াৰ পিছতেই ক্ষোভিত হৈ পৰা আত্মীয় তথা চিকিৎসালয়ত উপস্থিত থকা একাংশ লোকে চিকিৎসালয়খনত আক্ৰমণ কৰে৷
উল্লেখ্য যে, শিৱসাগৰ জিলাৰ মাজমজিয়াৰ চিকিৎসালয়খনত এনে ঘটনা এয়েই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও চাৰিটা এনে ঘটনা সংঘটিত হৈ গৈছে৷ ইয়াৰ পিছতো স্বাস্থ্য বিভাগ, আৰক্ষী প্রশাসন ব্যৱস্থা লোৱা দেখা যোৱা নাছিল৷
চিকিৎসাৰ নামত এতিয়া নাৰ্ছিংহোমত কেৱল টকাৰ বাবে জনসাধাৰণক হাৰাশাস্তি কৰাতেই সীমাবদ্ধ নাথাকি কচাই খানালৈ ৰূপান্তিত হোৱা বুলি ক'ব খোজে৷ নাৰ্ছিংহোমখনৰ আচবাব, এম্বুলেন্স, বহু সম্পত্তি লণ্ড-ভণ্ড কৰে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰিব লগা হয়৷ আৰক্ষীয়ে ৫ গৰাকী নাৰ্ছসহিতে নাৰ্ছিংহোমখনৰ স্বত্বাধিকাৰী দিলীপ গগৈকো আটক কৰে৷