
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ শিৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চাঞ্চল্য।
বিদ্যালয় খনৰ পৰিচালনা সমিতি গঠনৰ বাবে অনুষ্ঠিত সভাৰ মাজতে দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত গুৰুতৰ ভাবে আহত হৈছিল প্ৰধান শিক্ষক ৰশিদ আহমেদ সহ আন এজন লোক।
ঘটনাৰ পিছত মোৰাঝাৰ থানাত শিক্ষক জনৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিওিত ২৭০/১৭ গোচৰ ৰোজু কৰা হৈছে যদিও আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ নকৰাত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অধীনৰ ৯৯৪নং শিৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি খন প্ৰায় বিশ দিন পূৰ্বে গঠন কৰা হৈছিল।
কিন্তু একাংশ লোকে পৰিচালনা সমিতিখন অবৈধভাৱে গঠন কৰা বুলি অভিযোগ উত্থাপন কৰে। অভিযোগ উত্থাপনৰ পাছতে জিলা উপায়ুক্তৰ নিৰ্দেশত শিক্ষা বিষয়াৰ উপস্থিতিত ৩১ ডিচেম্বৰত এখন সভা অনুষ্ঠিত হৈছিল।
সভা চলি থাকোতেই একাংশ উদণ্ড লোকে আক্ৰমণ কৰে প্ৰধান শিক্ষক ৰশ্বিদ আহমদক। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল শিক্ষকজন। শিক্ষকৰ ওপৰত হোৱা আক্ৰমণক সহজভাৱে লব পৰা নাই স্থানীয় লোকে। শনিবাৰে বিয়লি আচামীক গেপ্তাৰ কৰাৰ দাবীত মোৰাঝাৰ থানা ঘেৰাও কৰে শতাধিক অভিভাৱক আৰু আমছু কৰ্মীয়ে৷