প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Daily Mail
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Daily Mail

হোজাইঃ হোজাই জিলাৰ মোৰাঝাৰ এগৰাকী প্ৰধান শিক্ষকক আক্ৰমণ কৰাত উত্তেজনাই বিৰাজ কৰিছে৷

পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি দুই দলৰ কাজিয়াৰ পৰিণতিত একাংশ লোকে প্ৰধান শিক্ষকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

হোজাই জিলাৰ নিলবাগান শিৱপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

গুৰুতগ ভাবে আহত শিক্ষক ৰশ্বিদ আহমেদ আৰু আন এজন শিক্ষকক দুয়োকে নিলবাগান মডেল হস্পিতালত ভৰ্তি কৰে ৰাইজে৷ বিদ্যালয় পৰিচালনা সমিতি গঠনক কেন্দ্ৰকৰি দুই ফৈদৰ মাজত সংঘটিত হয় কাজিয়াৰ সুত্ৰপাত।