25
Sep
2017

বিহালীঃ এগৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথৰ বিহালীত৷
গাড়ী আগ-পিছ কৰাৰ গইনা লৈ এটি যুৱকৰ দলে দেওবাৰে সন্ধিয়া বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাং চেন্টাৰৰ দৈনিক বজাৰৰ সন্মুখত উপৰ্যুপৰি আক্ৰমন ব্ৰহ্ম নামৰ চিকিৎসকগৰাকীক আক্ৰমণ কৰে৷
বজাৰ খনত চিকিৎসকগৰাকীয়ে নিজৰ বাহন আগ-পিছ কৰাৰ সময়তে যুৱকৰ দল এটিয়ে চিকিৎসকগৰাকীৰ সৈতে তৰ্কাতৰ্কিত লিৱ্ত হয়৷
তাৰ প্ছতে চিকিৎসকগৰাকীক আক্ৰমণ কৰে যুৱককেইজনে৷ যুৱকৰ আক্ৰমণত চিকিৎসকগৰাকী গুৰুতৰভাবে আহত হয়৷ বৰগাং আৰক্ষী চকীত গোচৰ ৰুজু কৰে চিকিৎসক ব্ৰহ্মই৷জানিব পৰা মতে, কাজল বিস্বাস আৰু দেৱজিৎ বিস্বাস নামৰ দুজন যুৱক জড়িত আছে ঘটনাৰ সৈতে৷