কাজিৰঙাঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ১৫০ টা বন শিবিৰ আজিও পানীত ডুবি আছে৷ উদ্যান খনৰ আশে-পাশে বসবাস কৰা বহু লোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিঁত আশ্ৰয় ল'ব লগা হৈছে৷

আশ্ৰয় লৈ থকা লোকসকলে খাদ্য, বস্ত্ৰ বাসস্থানৰ অভাৱত পৰিছে যদিও ৰাজ্য চৰকাৰে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

আনহাতে হাইলেণ্ডৰ অভাৱত পৰি সামান্য সামন্য ওখ ঠাইত কেইবাটাও বন্য প্ৰানী দুই তিনি ধৰি থিয় হৈ থকা পৰিলক্ষিত হৈছে৷ উদ্যান খনৰ প্ৰায় ৮০ শতাংশ ডুব যোৱাত বন্য প্ৰানীয়ে দুই-তিনি দিন ধৰি খাদ্য খাব নোপোৱাকৈয়ে পাৰ কৰা পৰিলক্ষিত হয়৷ খাদ্য আৰু ওখ ঠাইৰ অভাৱত বন্য জীৱ-জন্তুৱে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে৷

তাৰ মাজতে মঙলবাৰে নিশা কঁহৰাস্থিত বনবিভাগৰ অতিথিশালাত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই নিশা কটোৱা বুলি জানিব পৰা গৈছে৷ নিশা কটাই মন্ত্ৰীগৰাকীয়ে উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ লয়। আনহাতে উদ্যানখনৰ কহঁৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণত এগৰাকী বনকৰ্মী আহত হয়৷

ফুল বাহাদুৰ ছেত্ৰী নামৰ বনকৰ্মীগৰাকীক কৰ্তব্যৰত অৱস্থাতে এটি প্ৰকাণ্ড গড়ে আক্ৰমণ কৰে৷ ভেৰভেৰী বন শিবিৰত গঁড়ে আক্ৰমণ কৰা পাছতে সহকৰ্মীয়ে তেওঁক সংকটজনক অৱস্থাত বোকাখাতৰ এখন চিকিৎসালয়ত ভৰ্তি কৰে৷