প্ৰতিকী ফটো
প্ৰতিকী ফটো

ধেমাজিঃ সত্ৰাধিকাৰক আক্ৰমণৰ ঘটনাক গৰিহণা দিছে সত্ৰ মহাসভাৰ ধেমাজি জিলা সমিতিয়ে৷ সত্ৰ মহাসভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক মিত্ৰদেৱ মহন্ত আৰু সহকাৰী সম্পাদক নয়নমনি মহন্তই এক বিবৃতি যোগে যোৰহাটৰ সত্ৰাধিকাৰ শৰৎ গোস্বামীক লখিমপুৰৰ চৰাইমৰীয়াৰ যোৰহটীয়া গাঁৱত এজন যুৱকে আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে এনে ঘটনা দুনাই সংঘটিত নকৰিবলৈ সকীয়াই দিয়ে৷

সত্ৰাধিকাৰ শৰৎ গোস্বামীয়ে যোৰহটীয়া গাঁৱত শৰণ-ভজন দি আধ্যাত্মিকতাৰ প্ৰভাৱেৰে শৃংখলিত সমাজ গঢ়াৰ উদ্দেশ্য যোৱা ৬ আগষ্টৰ পৰা ৰাজহুৱা নামঘৰত বাহৰ পাতিছিল।

সত্ৰাধিকাৰ শৰৎ গোস্বামীয়ে বৃহস্পতিবাৰে নিশা শুই থকাৰ অৱস্থাত ভাস্কৰ দোলাকাষৰী নামৰ সুৰাৰ ৰাগীত মাতাল যুৱকজনে সত্ৰাধিকাৰগৰাকী আৰু সহযোগীজনক প্ৰহাৰ কৰে। বৰ্তমান দুয়োগৰাকী লখিমপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ভাস্কৰ পলাতক অৱস্থাত আছে।