
কাজিৰঙাঃ ওপৰৱালা বাইদেউৰ আতিশয্যা সহিব নোৱাৰি এগৰাকী তলতীয়া মহিলা কৰ্মচাৰীয়ে সিন্ধান্ত লৈছে আত্মহত্যা কৰাৰ৷ গোলাঘাট জিলাৰ কাজিৰঙাৰ এগৰাকী শিক্ষয়ত্ৰীয়ে লয় এই সিদ্ধান্ত। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত পূৱ কলিয়াবৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ বাঘমাৰী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বীণা বৰাই লৈছে এই সিন্ধান্ত৷ শিশু সংহত প্ৰকল্প বিষয়াৰ কাৰ্যালয়তে আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছে মহিলা কৰ্মচাৰীগৰাকীয়ে।
শিশু সংহত প্ৰকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰে চলোৱা মানসিক নিৰ্যাতনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সহায়িকাগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ১৯৯৭ চনত সহায়িকা হিচাবে কৰ্মজীৱনৰ পাতনি মেলে বীণা বৰাই৷ নগাঁও জিলাৰ পূৱ কলিয়াবৰ শিশু সংহত প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বাঘমাৰী অংগনবাড়ী কেন্দ্ৰত সহায়িকাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰে কৰ্মীগৰাকীয়ে।
বদলিৰ ব্যৱস্থা নথকাৰ বাবেই কাজিৰঙাৰ কহঁৰালৈ আহিব খোজা স্বতেও উক্ত কেন্দ্রতে থাকিব লগা হয় অংগনবাড়ী সহায়িকাগৰাকীয়ে। কণ কণ শিশুৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ হেতু চিন্তা কৰা বীণা বৰা নামৰ সহায়িকা গৰাকী সম্প্ৰতি হতাশাত ভাগি পৰিছে। অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মীগৰাকীক পদোন্নতি দিয়াৰ বাবে কৰ্মী পদটো খালী হয়।
অংগনবাড়ীৰ নিয়ম অনুসৰি কৰ্মীৰ পদ খালী হ'লে সহায়িকাক উক্ত পদত মকৰল কৰা হয় অৰ্হতা অনুযায়ী। বাঘমাৰী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীপদ খালী হোৱাৰ পাছতো উক্ত পদত সহায়িকা বীণা বৰাক নিযুক্তি দিয়াৰ বিপৰীতে আন এটা কেন্দ্ৰৰ এগৰাকী কৰ্মীক স্থলাভিষিক্ত কৰে। এই সন্দৰ্ভত কলিয়াবৰৰ শিশু সংহত প্ৰকল্প বিষয়া উত্তম অধিকাৰী আৰু ছুপাৰ ভাইজাৰ মণিকা দাসক অৱগত কৰাত তেওঁলোকে কলিয়াবৰ সমষ্টিৰ বিধায়কৰ পৰা লিখি আনিবলৈ কয়।
সেইমতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তক বিষয়টো অৱগত কৰাত বীণা বৰাক উক্ত কৰ্মী পদত নিযুক্তি দিবৰ বাবে লিখিত নিৰ্দেশ দিয়ে কলিয়াবৰৰ শিশু সংহত প্ৰকল্প বিষয়াক। কলিয়াবৰৰ শিশু সংহত প্ৰকল্প বিষয়াই কোনো গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে যোৱা মাৰ্চ মাহৰ পৰা দৰমহা পৰ্যন্ত বন্ধ কৰে সহায়িকাগৰাকীৰ। যাৰ বাবেই একপ্ৰকাৰ মানসিকভাবে ভাগি পৰা বীণা বৰা নামৰ অংগনবাড়ী সহায়িকাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ কথা উল্লেখ কৰে।