
newsnextone.com | তেজপুৰঃ দেওবাৰে তেজপুৰত অনুষ্ঠিত হয় ডিভাইন নৰ্থ-ইষ্ট-২০১৮ৰ 2018 ৰ অ্যডিশ্যন৷ অনুষ্ঠানটিত তেজপুৰৰ বহুতো মিছ, মিছেছ, আৰু শিশুৱে অংশগ্ৰহণ কৰা দেখা যায়।
লগতে উপস্থিত থাকে ডিভাইন নৰ্থ-ইষ্টৰ ব্যৱস্থাপক নিতুমনি শইকীয়া আৰু বিচাৰক হিচাপে থাকে গুৱাহাটীৰ বিকি চৌধুৰী আৰু নিতুমনি শইকীয়া। তেজপুৰৰ পৰা বিভিন্ন প্ৰতিভাবান মিছ, মিছেছ, আৰু শিশুক বাছি উলিয়াবলৈ সক্ষম হৈছে এওঁলোকে।
ডিভাইন নৰ্থ-ইষ্ট-২০১৮ৰ যি সকলে খিতাপ অর্জন কৰিবলৈ সক্ষম হব, তেওলোকে ৫ অক্টোবৰত গুৱাহাটীত হ’ব লগা চূড়ান্ত প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব এইসকল প্ৰতিভাবান মিছ, মিছেছ, আৰু শিশুয়ে। এই সকল ব্যক্তিৰ এনে পদক্ষেপক শলাগ লৈছে এতিয়া তেজপুৰ বাসীয়ে।