
গুৱাহাটীঃ অষ্ট্ৰেলিয়াৰ অধিনায়ক ডেভিড ৱাৰ্নাৰে টচত জয়ী হৈ বল কৰাৰ সিন্ধান্ত লয়৷ ছিৰিছৰ দ্বিতীয় খন টি-২০ মেচ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰত অনুষ্ঠিত হয়৷
মেচত প্ৰায় সাত বছৰৰ মুৰকত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মেচক লৈ এতিয়া উখল-মাখল বৰ্ষাপাৰা ষ্টেডিয়াম৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাপাৰা ষ্টেডিয়াম উদ্ধোধন কৰে৷ হাজাৰ হাজাৰ লোক ভৰি পৰে বৰ্ষাপাৰা ষ্টেডিয়ামত৷
মঙলবাৰে অনুষ্ঠিত হৈছে ক্ৰিকেট অনুৰাগীৰ বহু আকাংক্ষাৰ টি-২০ মেচ খন৷ U-17 বিশ্বকাপ ফুটবলৰ বতৰত ক্ৰিকেট বলিয়া ৰাজ্যবাসীয়ে টিভিৰ সন্মুখত বহি ভাৰত অষ্ট্ৰেলিয়াৰ হাই ভল্টেজ ক্ৰিকেট মেচৰ উপভোগ কৰিবলৈ সাজু হৈছে৷ গুৱাহাটী মহানগৰীত ব্যাপক যান-জঁচৰ সৃষ্টি হয় যদিও ব্যৱসায় প্ৰতিষ্ঠানত মানুহৰ সংখ্যা কম দেথা গৈছে৷