03
Sep
2017

নলবাৰীঃ আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷ নলবাৰীত অভিৰুচি ক্ৰীয়া দিৱস উপলক্ষে এক সমূহীয়া দৌৰ আয়োজন কৰে গৰ্ডন খেলপথাৰৰ পৰা৷
এই দৌৰত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই৷ এই সমূহীয়া দৌৰ অনুষ্ঠানতো মুকলি কৰে নলবাৰী জিলা আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যই৷