
তেজপুৰঃ উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ২০১০ চনৰ পৰা বিশিষ্ট লোকৰ সোঁৱৰণত বিভিন্ন বঁটা প্ৰদান কৰি আহিছে। বিগত বৰ্ষৰ দৰে এই বছৰতো সদ্যপ্ৰয়াত প্ৰফুল্ল শইকীয়াৰ নামতো বঁটা প্ৰদান কৰিব। ২০১৭-১৮ বৰ্ষৰ এই বঁটা প্ৰদান কৰিবৰ বাবে ১২ জন ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে।
সেউজ গণশিল্পী উমাকান্ত বৰুৱা স্মাৰক বঁটা নাট্যকাৰ, সাংবাদিক পুলক কুমাৰ ডেকাক, নাট্যসম্ৰাট প্ৰফুল্ল বৰা স্মাৰক বঁটা নাট্যকাৰ পৰিচালক অৰ্পন বেজবৰুৱাক, দিলীপ চৌধুৰী স্মাৰক বঁটা দ্বিপেন বৰাক, সদ্য প্ৰয়াত শিল্পী পেঞ্চনাৰ প্ৰফুল্ল শইকীয়া স্মাৰক বঁটা বিশিষ্ট শিল্পী প্ৰমোদ বৰাক প্ৰদান কৰিব৷
আনহাতে, শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি প্ৰভাত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা সমাজ কৰ্মী অৰুণ বৰাক, বায়ন মহেন্দ্ৰ কলিতা স্মাৰক বঁটা তেজপুৰৰ ইউ বি ফটো সাংবাদিক সমীৰ কৰক, কবি যাদৱ শৰ্মা স্মাৰক বঁটা দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ গহন চন্দ্ৰ মহন্তক, অলক কটকী স্মাৰক বঁটা সাংবাদিক সঞ্জীৱ হাজৰিকাক, শিল্পী গজেন দাস স্মাৰক বঁটা ডম্বৰু মহন্তক, মিনতি কলিতা স্মাৰক বঁটা ধনপ্ৰভা ৰায় চৌধুৰীক, সমাজকৰ্মী ৰূপজ্যোতি কলিতা স্মাৰক বঁটা প্ৰণৱ শইকীয়াক ,শিল্পী কল্পনা বৰুৱা স্মাৰক বঁটা নৃত্যশিল্পী নিকিতা পটঙ্গীয়াক আৰু লাকী কলিতা স্মাৰক বঁটা অনুভৱ পৰাশৰক প্ৰদান কৰিব বুলি ঘোষণা কৰে।
উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ ন্যাস সমিতিয়ে এই বঁটা সমুহ অহা ২১ জানুৱাৰীত শাখা সাহিত্য সভাৰ চতুৰ্থ দ্বি-বাৰ্ষিক কুণ্ডাৰবাৰী অধিৱেশণৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত প্ৰদান কৰিব বঁটাসমূহ।